চেকা লগা দুৰ্বিসহ সময়
পাৰ ভঙা দুখৰ ঢৌৱে ঠেকেচিছে মন
মোহভংগ স্বপ্নৰ জ্বালামুখী যন্ত্ৰণাই
দেইপুৰি নিছে প্ৰতিক্ষণ
উজাগৰী নিশাৰ নিৰ্যাতিত সময়ত
উচুপি থাকোঁ
কোনেও খবৰ নলয়
শান্ত্বনা দিবলৈ কাকো প্ৰশ্ৰয় দিয়া নাই
বিষন্নতাৰ ভড়ালত অস্থিৰ মন
বাৰে বাৰে বেয়া চিন্তাই খুঁচি থাকে মোক
দুৰ্বলতাই খামুচি ধৰিছে মন
ভীষণ কষ্ট
কৃষ্ণচূড়া ফুলাৰ বতৰ
সন্ধিয়াৰ বিমল সময় ভয় লগা হ'ল
কাৰণ স্বপ্ন ভংগ পত্ৰত
এই সময়তে চহী কৰিছিলোঁ
অপমানত
প্ৰচণ্ড ক্ষোভত
ঘৃণাৰে এৰি আহিছিলোঁ ভাল লগা সময়
বিতৃষ্ণা ভাৱৰ জ্বৰে কঁপাইছিল শৰীৰ
কেঁচা তেজ বৈ আহিছিল বুকুত
উত্তৰ দিবলৈ
উত্তৰ পাবলৈ কোনো নাছিল
আপোন জন আঁতৰি গৈছিল বহু দূৰলৈ
গাড়ী খনৰ ষ্টিয়েৰিঙত হাত থৈ।
✍️অনন্ত কুমাৰ ভূঞা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ