মই আৰু মোৰ অসম -বসন্ত ওজা

©Admin
0
এইখন মোৰ
প্ৰাণৰ অসম
    কমলাকান্ত লক্ষীধৰৰ দেশ ।
সেই স্থানতে জন্মি
শৈশৱ কৈশোৰ বাল্য এৰি
     নমস্যক প্ৰণাম
       জনাইছো অশেষ ।।
কমলাকান্ত ভট্টাচাৰ্য্যই
অনল সদৃশ কবিতা লিখি
      পালে অগ্নিকবি নাম ।
স্বদেশ স্বজাতিৰ
ভকতিৰ শকতিত
     লক্ষীধৰ শৰ্ম্মা দেশপ্ৰাণ ।।
এইখন অসমত দেখিছো
শোষণ পোষণ প্ৰতাৰণাই
     সঘনে উঠিছে ঠন ধৰি ।
কত আমোলা বিষয়াই
প্ৰজাৰ ৰক্ত শুহিছে
      অৰ্থৰ লালসাত পৰি ।।
মহা বিলাসিতাৰ বাবেই
আজিৰ এই সমাজত
     হিংসা বিদ্বেশে পালে ঠাই ।
জননীৰ শীতল বুকুত
তেজৰ খেলা খেলি
      নানিবি বিপদ চপাই ।।
শস্য শ্যামলা মোৰ অসমৰ
কত ৰজা প্ৰজা
     প্ৰতাৰণাৰ বলি 
           শালৰ পাঠা হ'ল ।
শান্তি সততা থাপি
দেশ ৰাখিবলৈ গৈ
       বসুধা এৰি গুচি গ'ল ।
ভাইহঁত অ'
ককাইহঁত অ'
      কি দেশ আজি কি হ'ল ??

 ✍️বসন্ত ওজা 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)