অনুভৱৰ টুকুৰা ছবি-দিপশিখা ৰাজকোঁৱৰ

Rinku Rajowar
0
উদাসী মনে নুবুজে কেতিয়াবা
অনুভৱী মনৰ অচিনাকী কথাবোৰ
উন্মনা অভিমানী মই আজলী
জীৱনৰ কাহিনী সজাও সদায়
অনুভৱৰ টুকুৰা ছবি বুলি।
অভিমানী হিয়াৰ ৰাগিনী মই
জীয়া সুখ আৰু দুখৰ কাহিনীৰ
অভিমানী দুচকুয়ে দেখি আহিছে
জীৱনৰ ৰক্তাক্ত চকুলো
হেঁপাহ জাগে লিখিবলৈ
সপোন জাগে ডায়েৰি পূৰ্ণ কৰি
জীৱন নাটৰ কথা লিপিবদ্ধ কৰিবলৈ।
মোৰ মন দাপোনত সজাও
আঙুলিৰ বোলেৰে জীয়া প্ৰতিচ্ছবি
সেই প্ৰতিচ্ছবিয়ে কেতিয়াবা
উচুপাই আৰু কেতিয়াবা হহুৱাই।



Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)