শিশু নিৰ্যাতন এটি বিশ্লেষণ -নাছিৰ আহমেদ

Rinku Rajowar
0
অতীজৰে পৰা পৃথিৱীৰ বিভিন্ন দেশৰ প্ৰান্তে প্ৰান্তে শিশু নিৰ্যাতনৰ বহু কৰুণ কাহিনী কেতিয়াবা লিখিত ৰূপে , কেতিয়াবা অলিখিত ৰূপে প্ৰচাৰ হৈ আহিছে।
যেতিয়া ইউৰোপ, আফ্ৰিকা,আৰবীয় দেশ তথা প্ৰাচীন ভাৰতবৰ্ষত দাসত্বৰ যুগ চলি আছিল, তেতিয়া মূলতঃ শিশু আৰু নাৰী সকলক জীৱ-জন্তুৰ দৰে শিকলিৰে বান্ধি বজাৰত বিক্ৰী কৰিবলৈ অনা হৈছিল । 
এই শিশু আৰু নাৰীসকলক কিনি লোৱা মালিক সকলে নাৰী সকলক কেৱল যৌন নিৰ্যাতন চলাইছিল যদিও শিশু সকলক শাৰীৰিক- মানসিক আৰু যৌন নিৰ্যাতন  আদি বিভিন্ন ধৰণৰ নিৰ্যাতন চলাই শিশুসকলক নিষ্ঠুৰ ভাবে মৃত্যুৰ গৰাহত ঠেলি দিছিল।
আৰবৰ মক্কাত বসবাস কৰা শিশু বিলালৰ ওপৰত নিৰ্যাতনৰ মাত্ৰা ইমানেই বেছি হৈছিল যে বিলালৰ কৰুণ আৰ্তনাদ মক্কাৰ আকাশে- বতাহে বিয়পি গৈছিল।

যেতিয়া এখন দেশত গৃহযুদ্ধ বা এখন দেশে অইন এখন দেশৰ ওপৰত আক্ৰমণ চলাইছিল, তেতিয়াও যুদ্ধ বন্দী হিচাপে শিশুৰ ওপৰত অকথ্য অত্যাচাৰ চলিছিল।
বৰ্ণ -বৈষম্যৰ বলি হৈ জামাৰ্ন দেশত বসবাস কৰা প্ৰায় ষাঠি লাখ ইহুদী নাজীবাদৰ দ্বাৰা নিৰ্যাতিত হোৱাৰ সময়তো ১৯৪২ চনৰ পৰা ১৯৪৪ চনলৈ এক নিৰন্ধ্ৰ অন্ধকাৰ কুঠৰীত আনাতল ফ্ৰাঙ্কে নামৰ এজনী পোন্ধৰ বছৰীয়া শিশুৱে চৰম নিৰ্যাতনৰ কৰুণ কাহিনী দিন-পঞ্জীত ( Diary of a young girl) লিপিবদ্ধ কৰাৰ সময়ত অকাল মৃত্যুক আকোঁৱালি লৈছিল। এই দিন-পঞ্জীখন পৃথিৱীৰ বিভিন্ন ভাষাত অনুবাদ হৈ বিশ্ব বিখ্যাত গ্ৰন্থ হিচাপে খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে।

ফৰাছী ঔপন্যাসিক ভিক্টৰ হিউগোৰ " লা মিজাৰেবল" উপন্যাসৰ এটি শিশু চৰিত্ৰ দাৰিদ্ৰ্যৰ যন্ত্ৰণাত এখন দোকানৰ পৰা এটি ৰুটি চুৰি কৰাৰ অপৰাধত গোটেই জীৱন কাৰাগাৰৰ অন্ধকাৰ কুঠৰীত কালাতিপাত কৰিব লগীয়া হৈছিল।
চাৰ্লচ ডিকেন্সৰ উপন্যাসতো শিশুসকলৰ দুৰ্দশাৰ জীৱনৰ ঘাত-প্ৰতিঘাত যন্ত্ৰণাময় কৰুণ অধ্যায় দেখিবলৈ পোৱা যায়।
ৰবীন্দ্ৰনাথৰ ঠাকুৰৰ " কাবুলীৱালা " গল্পত শিশু মিনুৰ ওপৰত মা- দেউতাৰ কঠোৰ অনুশাসন লক্ষ্য কৰা যায়।

বৰ্তমান যুগতো আমি যদি লক্ষ্য কৰোঁ, আমাৰ স্বাধীন ভাৰতবৰ্ষতো শিশু সকলে ঘৰে -বাহিৰে প্ৰতি মুহূৰ্ত্তে শাৰীৰিক মানসিক আৰু যৌন নিৰ্যাতনৰ বলি হৈ আহিছে । আমাৰ সমাজত শিশু বা ভ্ৰুণ হত্যা সৰ্বজন বিদিত। তদুপৰি বহুত শিশু নিজৰ বা তোলনীয়া পিতৃ -মাতৃ , ঘৰৰ অইন সদস্য বা বন কৰা মানুহৰ দ্বাৰা শাৰীৰিক মানসিক বা যৌন শোষণৰ বলি হোৱা দেখা যায়। তথাকথিত ভদ্ৰ বুৰ্জোৱা সমাজত এই ঘটনাই প্ৰায় বাতৰি কাকত আৰু টিভিৰ ব্ৰেকিং নিউজ হিচাপে স্থান দখল কৰা পৰিলক্ষিত হয়। ডাঃ সংগীতা দত্ত আৰু ডাঃ ওৱালিলুল এই  স্বামী-স্ত্ৰী হাল তাৰ নিকৃষ্ট উদাহৰণ।
অৱশ্যে তদন্ত সম্পূৰ্ণ হলেহে আচল ৰহস্য ওলাই পৰিব।

হেণ্ডিমেন হিচাপে কাম কৰা শিশুবিলাকো যান-বাহনতো গাড়ীৰ মালিক, পৰিচালক আৰু যাত্ৰীসকলৰ দ্বাৰা প্ৰায় নিৰ্যাতিত হয়। চাহ-হোটেল, বিভিন্ন দোকানত প্ৰতি মুহূৰ্ত্তে শিশুসকলে সকলোৰে পৰা নিষ্ঠুৰ অত্যাচাৰৰ সন্মুখীন হৈ আহিছে। 
বিভিন্ন কল-কাৰখানা আদিতো শিশুসকলক অমানুষিক পৰিশ্ৰম কৰিবলৈ দিয়ে। তাৰ ফলত বহুত শিশু বিভিন্ন ধৰণৰ দুৰ্ঘটনাৰ সন্মুখীন হৈ মৃত্যুমুখত পৰে বা গোটেই জীৱন পঙ্গুত্ব লৈ কলধপ কলধপ কৈ জীয়াই থাকে ; অথচ কোনো ধৰণৰ চৰকাৰী বা বেচৰকাৰী ভাবে সাহায্য লাভ নকৰে। শিশু অধিকাৰ আইন অনুসৰি তেওঁলোকক কোনো সা সুবিধা দিয়া নহয় । প্ৰতি বছৰে শিশু দিৱস ( ১৪ নৱেম্বৰ) উদ্ যাপন কৰা সত্বেও ভাৰতবৰ্ষৰ শিশুসকল এতিয়াও অনাখৰী, দাৰিদ্ৰ্য, আৰু কম মজুৰিৰ শ্ৰমিক হিচাপে জীৱন নিৰ্বাহ কৰি আছে।
২০০৯ চনৰ শিক্ষাৰ অধিকাৰ আইনৰ দ্বাৰাই তেওঁলোকক উপযুক্ত শিক্ষা দান দিয়া দেখা নাই।

গতিকে কেৱল আইন বা অনুশাসনৰ  জৰিয়তে শিশুসকলৰ ওপৰত যুগে যুগে চলি থকা শাৰীৰিক মানসিক আৰু যৌন নিৰ্যাতন বন্ধ কৰা সম্ভৱ নহয়।

ইয়াৰ বাবে লাগিব সামাজিক আন্দোলন, মানৱতা-বোধ পুনৰুদ্ধাৰ, নৈতিক শিক্ষা তথা কলা কৃষ্টি সংস্কৃতি আৰু সাহিত্য, নাটক আদিক হাতিয়াৰ হিচাপে লৈ এক সৰ্বাঙ্গ সুন্দৰ সমাজ গঠন।

◾নাছিৰ আহমেদ ,শিমলাবাৰী গোৱালপাৰা।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)