হেঁপাহৰ ব'হাগ-ৰঞ্জু গায়ন

Rinku Rajowar
0
ব'হাগ মাথোঁ এটি ঋতু নহয় ,
বহু ৰঙীন আশাৰে বুটা বচা, সপোন ৰচা বিহুৱান 
ৰিব্ ৰিব্ বতাহে ধৰণীলৈ
আনিলে ব'হাগৰ বতৰা
ব'হাগৰ উমান পাই
বৰদৈচিলা জনীৰ গাত ত'তেই নাই ,
শীতৰ শীতলা বতাহে
লঠঙা কৰা গছবোৰক
বসন্তই দিছে সেউজীয়া আৱৰণ,
প্ৰেম আৰু সৌন্দৰ্য্যৰ সুৰভিৰে
কপৌ, কেতেকী, নাহৰ, তগৰে,
দিছে এক সুশোভিত জাগৰণ ।
তাকে দেখি কুলি, কেতেকীয়ে সুমধুৰ কন্ঠেৰে নিগৰাই জগত
জুৰোৱা গান।
শিপিনীয়েও বোৱা বিহুবান
খনিত
চৌদিশে ঢোলৰ ঘিট্ 'মিটনি ।
মাজত পেঁপাৰ ধ্বনি
ন-সাজ পিন্ধি ওলাই আহিছে ,
নাচনী- ঢুলীয়া হেঁপাহৰ বিহুটি আদৰোঁ বুলি ।


✍️ৰঞ্জু গায়ন ( বৰুৱা )
নামৰূপ
ফোন নং - ৯৯৫৪১২৬৩৪৬

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)