আশা-ৰুম্পী দাস

Rinku Rajowar
0
কিয় মোৰ আশা ,
নিৰাশাত ৰূপান্তৰিত ... ?
সেয়া ভাবিয়ে মই 
ভাগৰি পৰিছোঁ অবিৰত ।
ঘূৰি ফুৰিছোঁ 
অজানা ঠাইত ,
তুমি এবাৰ আহি 
শান্তি ঢালি দুখ আঁতৰাই ...
সুখৰ সন্ধান দিয়া ।
চিৰলগৰীয়া হৈ 
হৃদয়েৰে মোক ,
তোমাৰ বুকুত বান্ধি লোৱা ।
দুয়ো মিলি দুদিনীয়া দেশৰ 
আনন্দ উপভোগ কৰিম ,
পাৰিলে লৈ যাবাচোন 
সৰগৰ ৰাজ্যলৈও ।
তুমি জানানে ...?
তোমাকলৈহে মোৰ প্ৰাণত
হেঁপাহ ইমান ।

✍🏻ৰুম্পী দাস
    ভালুকমাৰী               
 ৰাণীপুখুৰী , হোজাই              

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)