কাব্য পথাৰ খনত ভুমুকি নমৰা ।
হয়তো মোৰ অনুভৱ বোৰৰ নৱ নাম
আজি মৰিচিকা ।
আজি বৰকৈ মন গ'ল মোৰ
শুকাই যোৱা অনুভৱী মনটোক
কাপ-কাকতৰ এক জীপাল পৰশ দিবলৈ ।
তাহানিতে শব্দৰ সৈতে লুকা-ভাকু খেলা
অনুভৱী মনটো
আৰু আজিৰ মনটোৰ মাজত
এক বিশেষ শব্দৰ বসতি দেখি
ভাৱিবলৈ বাধ্য মই ,
ই পৰিবৰ্তন নে অন্য কিবা !
জীৱনৰ দলিছাত মোৰ কাব্য চাকি গছি
আজি ঢিমিকি ঢিমিকি জ্বলিছে ।
হয়তো চিৰদিনৰ বাবে নুমাই যাব ;
নতুবা অগ্নি দেৱতাক পূজিব লাগিব ।
মোৰ বাবে ই এতিয়া ডাঙৰ প্ৰশ্ন !
চাকি গছি নুমাই দিওঁ.....
নে পুনৰ কাব্যিক ভাষাৰে জ্বলায় তোলো ।
এতিয়া দেখোন মোৰ বাবে সহজ এটাও নহয় ।
নুমাই যোৱা মানেই সপোন হেৰুৱা;
আকৌ জ্বলায় তোলা মানেই কাব্যত কলংক সনা ।
নুমাই গ'লেও নো কিমানে জানিব !
অসংখ্য কবিৰ মাজত
আমাৰ সন্ধান জানো পাব ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ