এডাল ধূপকাঠি মই-জিলমিল বৰঠাকুৰ

Rinku Rajowar
0
মই জ্বলি উঠো তোমালোকৰ
পোৱা-নোপোৱাৰ
জীৱনৰ নিমিলা অংকত
মই জ্বলি শেষ হৈ যাঁও ছাই হৈ
পৰি ৰঁও নিঃশব্দে
তোমালোকৰ
সুখবোৰত
অট্ৰহাস্যৰ শব্দ
প্ৰটিটো সপোন প্ৰস্ফুটিত হোৱাৰ পাছত
তোমালোক গুচি যোৱা
জ্বলাই পেলোৱা মোক
এধানি সুখৰ বাবে
কেৱল সুগন্ধি বিলাবলৈ
প্ৰয়োজন মোৰ
মোৰ হৃদয়ক এবাৰো নুসুধিলা
প্ৰয়োজনত কিমান দিলা সঁচা
মৰম
কিয়নো এডাল যে
ধূপকাঠি মই।
।।।।।।।

◾জিলমিল বৰঠাকুৰ,
   লংকা 
ফোন নং ৯১০১১১৬৪২৯

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)