তোমাৰ দুচকুৰ গভীৰতাত ডুব দি
পাৰ কৰা প্ৰতিপল
এখন বিবৰ্ণ পতাকা হৈ উৰি ৰয়
বুকুৰ সীমনাত......!
এন্ধাৰে আৱৰি লয়
সন্ধ্যাৰ কলৱ .....
আৱতৰীয়া সপোন এটাই বাৰেপতি ভাঙি দিয়ে
প্ৰতি নিশাৰ মায়াবী নিৰ্জনতাৰ
আলফুলীয়া বুকু
এটোপ দুটোপকৈ জোনাকেদি
দুখবোৰ নিগৰি আহে
লুণীয়া বৰষুণে সিক্ত কৰে মোৰ
মনৰ ধৰাতল...!
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ