কোনেও ইয়াৰ পৰা হাত সাৰিব নোৱাৰিব
মৃত্যু নামৰ এটি শিহৰণী শব্দই
বেলিৰ ওপৰত চাৱনি মেলিব
লগে লগে এই জীৱনধাৰাৰ ইতি ঘটিব।
কোনোবাই আহিব এবাৰ চাবলৈ
কোনোবাই আহিব কিবা পোৱাৰ আবদাৰ লৈ
দিবলৈ হয়তো কোনেও নাহিব
কাৰণ বেলি অস্ত যোৱাৰ পাছত
যে তাৰ কোনো অস্তিত্ব নাথাকিব।
এদিন জীৱনৰ বেলিটো মাৰ যাব। !
কোনোবাই উভতিব হেৰুৱাৰ বেদনা লৈ
কোনোবা আকৌ হাঁহিমুখে ঘৰ পাব গৈ
কোনোবাই চাগে কেতিয়াবা সুঁৱৰিব
কোনোবাই সময়তে স্মৃতিবোৰ মুচিয়েই দিব
মাথোঁ ভালখিনি জীয়াই থাকিব
এনেকৈয়ে প্ৰাপ্তি-অপ্ৰাপ্তিৰ মাজেৰে
জীৱনৰ বেলি মাৰ যাব।
নান্দনিকতাৰ অন্ত পৰিব
এটি জীৱনৰ সমাপ্তি ঘটিব
তথাপিও ধৰণীৰ ক্ৰিয়াবোৰ
একে গতিতে চলি থাকিব।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ