সুকীয়া আমেজ-দিপশিখা ৰাজকোঁৱৰ

©Admin
0
বহু দিনেই হ'ল কলম বহীৰ
সংস্পৰ্শলৈ আহি কবিতা নিলিখা
মনত আৱিৰ সনা অনুভৱবোৰো
থমকি ৰৈ গ'ল কিছু দিনৰ বাবে।
ডাৱৰীয়া আকাশখন দেখি
ভাবিলো অচিনা আৱেগবোৰ
ৰং তুলিকাৰে সজাও
মনলৈ অহা অনুভৱবোৰ জিলিকাও
উকা বহীৰ পৃষ্ঠাত নীলা ৰঙেৰে।
উতনুৱা মনে বুজা অচিনাকী
চৰাইজাকৰ আকুলতাৰে
থৰ হৈ কোৱা কথাবোৰো 
আজিয়েই ভাবিলো লিখি ৰাখো 
অৱশ্যে চৰাইজাকৰ বাবে
মোৰ অনুভৱ কিছু সুকীয়া
তথাপিও প্ৰিয় মোৰ এই
সুকীয়া আমেজতেটো সুখ পাওঁ।

✍️দিপশিখা ৰাজকোঁৱৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)