আপুনিও আন মানুহৰ পৰা সন্মান বিচাৰে নেকি-মানস প্ৰতীম মালী

©Admin
0
আন মানুহে আপোনাক দিয়া সন্মান আপোনাৰ বাবে কিমান গুৰুত্বপূৰ্ণ ?
"" সন্মান বিচাৰিলে পোৱা নাযায় , সন্মান অৰ্জন কৰিব লাগে । ""
হাজাৰ হাজাৰ , লাখ লাখ টকা দিও কোনো বজাৰত কিনিব নোৱাৰা সন্মান অৰ্জন কৰোঁতে কিছুমান মানুহৰ আধা জীৱন গুছি যায় , গতিকে এবাৰ ভাবকচোন সেইজন মানুহৰ বাবে সন্মান কিমান গুৰুত্বপূৰ্ণ । 
সন্মান দিব জানিলেহে নিজেও সন্মান পায় , লগতে সকলো মানুহে নিজে কৰা কৰ্মৰ জৰিয়তে সন্মান অৰ্জন কৰে । 
           যদি আপুনি কেতিয়াবা আপোনাৰ সন্মান লাঘব হোৱা কাম কৰে , তেন্তে আপোনাক চাগে সন্মানৰ কোনো প্ৰয়োজনেই নাই । বহুতেই হয়তো ভাবিব পাৰে " সন্মানে কেতিয়াও পেটৰ ভোক পুৰণ কৰিব নোৱাৰে " যদি আপুনিও‌ তেনেকৈ ভাবে , তেন্তে শুনক কোনো মানুহ নোখোৱাকৈ মৰি যোৱা নাই , পেটৰ ভাতমুঠি জোগাৰ কৰিবলৈ আপোনাৰ সন্মান হানি হোৱা কাম কৰাৰ একো প্ৰয়োজন নাই । সৎ পথত থাকি কামৰ সৰু বৰ বিচাৰ নকৰি কাম কৰি ঘৰখনক পোহপাল দিয়া মানুহ এতিয়াও বহুত আছে , তেওঁলোকো একো একোজন সন্মানীয় ব্যক্তি । 
          আমাৰ মৃত্যুৰ দিনাখন আমিটো লগত একোয়েই নিব নোৱাৰোঁ ,
কিন্তু আমি কৰা কৰ্মৰ ফলত যাতে আমাক মানুহে মৃত্যুৰ পাছতো মনত পেলাই , আমি তাৰ প্ৰতি লক্ষ্য ৰখা উচিত ।
             আন সকলোৱে এইটো কৰিছে , আপুনি গম পাইছে যে এইটো ভুল , গতিকে আপুনি বেলেগকৈ কৰক , আনতকৈ বেলেগ হওক নিজক গুৰুত্ব দিয়ক , নিজৰ সন্মানক গুৰুত্ব দিয়ক । তেতিয়াই আপোনাক আন মানুহে মনত পেলাব । 
দহজন মানুহ ভুল পথত থাকক মাত্ৰ আপুনি অকলেই শুদ্ধ পথেৰে আগুৱাই যাওক , অকণমান কষ্ট হব , কিন্তু জয়ী আপুনিয়েই হব । 
        মই , আপুনি এনেকৈ যদি সকলোৱে সত্যৰ পথেৰে আগুৱাই যাও , সকলোৱে সকলোকে সন্মান দিওঁ , সকলোৱে সকলোৰে লগত মিলাপ্ৰিতিৰে থাকিব পাৰোঁ , তেতিয়া সমাজখন কিমান ভাল হ'ব , সকলোৰে মানুহে মানুহৰ বাবে জীয়াই থাকিব ,‌ তাৰ বাবে লাগিব মাথো সকলোৰে সহযোগ ।

✍️মানস প্ৰতীম মালী 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)