মাতৃ-পৰিস্মৃতা দত্ত

©Admin
0
মাতৃ...
পৃথিৱীৰ সুন্দৰতম নাৰী গৰাকী 
কতব্য, দায়িত্ব আদিবোৰ
নিষ্ঠাৰে পালন কৰা মহিলাগৰাকী 
ভোকৰ ভাতমুঠি সঠিক সময়ত দিয়া
দেৱী অন্নপূৰ্ণা গৰাকী, ঘৰখনৰো লক্ষ্মীদেৱী
আৰু সন্তানৰ বাবে আই সৰস্বতী।  
মা...
যাৰ শব্দ উচ্চাৰণৰ মাত্ৰকেই 
বুকুত হয় গভীৰ অনুৰণন,
দেহৰ সিৰে- সিৰে প্ৰৱাহিত হয় প্ৰবল শিহৰণ।
সাগৰৰ দৰে বিশাল
আকাশৰ দৰে উদাৰ
পৃথিৱীৰ দৰে সহনশীল তেওঁৰ হৃদয়,
সন্তানৰ টোপনি নিয়াবলৈ নাথাকক যিমানেই
বিভিন্ন সংগীতৰ সুৱদি কণ্ঠ , 
হʼব নোৱাৰে মাতৃৰ নিচুকনি গীতৰ
সুৰীয়া শব্দৰ তুল্য। 
যি আমাৰ বাবে আদৰৰ আদৰ্শৰ ছবি
যাৰ হাতত ধৰি আমি জীৱনৰ 
কাঁইটীয়া বাটত খোজ পেলাওঁ , 
যাৰ কষ্টৰ চিন স্বৰূপে আমি
মানুহ হোৱাৰ বাটত খোজ দিওঁ;
যিয়ে নিজৰ কষ্টক নেওচি
আমাক আগবঢ়াই নিব খোজে 
জীৱনৰ সুগম বাটত
যাৰ আদৰ্শৰে জীৱনৰ সকলো দুখ 
হাঁহিৰে আকোঁৱালি লʼবলৈ শিকো, 
নিজৰ ভাললগাবোৰক জলাঞ্জলি দি 
সন্তানৰ ভালৰ বাবে জীয়াই থকা 
তেৱেঁই আমাৰ সকলোৰে পূজনীয় আই ।
জীৱনৰ প্ৰথম প্ৰেমিক
এসাগৰ মৰমৰ গৰাকী
সুখ - দুখৰ লগৰী 
আন্ধাৰৰ বিশ্বাসী 
তেৱেঁই শক্তি..
            ধৰিত্ৰী..
             নাৰী..
তেৱেঁই আমাৰ পূজনীয় মাতৃ..।


◾পৰিস্মৃতা দত্ত
শলগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)