বৰ্তমানৰ নৱপ্ৰজন্ম -মানস প্ৰতীম মালী

Rinku Rajowar
0
বৰ্তমানৰ নৱপ্ৰজন্ম বুলি কলে আপোনাৰ মনলৈ ও হয়তো সেই বিভিন্ন ধৰণৰ বেলেগ বেলেগ শৈলীৰে চুলি কটা , দিনৰ দিনটো  মোবাইলটোৰ গেমত ব্যস্ত ,  সমনীয়াৰ লগত গুতকা সেৱন কৰা লৰজনৰ ছবিখন ফাহি আহে । 
          কি কম , এইবোৰ কথা বৰ্তমান চাগে সকলো মানুহৰ দিনটোৰ আৰম্ভণি হয় এইবোৰ দেখি ‌। গুৰু গোসাই নমনা মাথোঁ সকলো নিজৰ মতে চলা বৰ্তমানৰ পৃথিৱীখন যেন এখন মাতাল পৃথিৱী ।
           আজি কত মানুহৰ মৰম ভালপোৱা মানবতা , এতিয়াও মানুহৰ মনত যিখিনি মৰম ভালপোৱা আছিল , সেইখিনিও বিলুপ্ত হৈ যাব দুদিন পাছত ।
         বৰ্তমানৰ সময়াখিনি আচলতে বৰ জটিল , এই গুতকা , মোবাইলৰ গেমে মাত্ৰ এখন ঘৰ ধ্বংস নকৰে , বৰ্তমানটো গোটেই সমাজখনৰ পৰিয়ালবোৰ ধ্বংসৰ পথত । এই গুতকা সেৱন কৰা , অনবৰতে মোবাইলটোত ব্যস্ত থকা বৰ্তমানৰ নৱপ্ৰজন্মই নুবুজিব কাৰো মৰম ভালপোৱা , মানবতা কাৰণ তেওঁলোক মাথো এটি যন্ত্ৰৰ দৰে হৈ পৰিব । যেনেকৈ যন্ত্ৰক তেলৰ লগতে মোবিল , গিয়েৰঅইলৰ প্ৰয়োজন , ঠিক তেনেকৈ বৰ্তমানৰ নৱপ্ৰজন্ম গুতকা অবিহনে এটি মাত্ৰ পাম নথকা চকা ।
          ভয় হয় , বৰ্তমানৰ কঠিন বাস্তৱৰ প্ৰভাৱ সকলো উঠি অহা লৰা ছোৱালীৰ গাত পৰিব বুলি , সাৱধান হওক প্ৰতিজন অভিভাৱক , শাসন কৰক , কঠোৰ হওক নহ'লে বিপদ অনিবাৰ্য ।    
           বৰ্তমান গুতকা নাখালে , আবেলি ঘৰৰপৰা ওলাই নগলে বৰ্তমানৰ স্বাৰ্থপৰ পৃথিৱীখনৰ পৰা আতৰি নিজেই সাজি লোৱা পৃথিৱীখনত সুখ বিচাৰিলে আপোনাৰ লৰাজনেও চাগে এদিন মোৰ দৰে আজিলৈকে এখন তামুলো মুখত দি নোপোৱা লৰজনৰ দৰে অকলশৰীয়া অনুভৱ কৰিব পাৰে , কিন্তু মনত ৰাখিব আপোনাৰ লৰাজনেও এনেকুৱা কৰিব পাৰিলে হয়তো এদিন সি বৰ্তমানৰ নৱপ্ৰজন্মতকৈ সম্পূৰ্ণ পৃথক হব । মোৰ জীৱনৰ নীতি অসৎ পথত এশজন থাকক , সৎ পথৰে অকলে আগুৱাম । নিজৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে বাবেই বৰ্তমানো আনতকৈ পৃথক হৈ থাকোঁ ।

◾মানস প্ৰতীম মালী ,
ঠিকনা :- বৰিহাট , মিৰ্জা ,
ফোন :- ৬০০০৮৩৯৫১৮ .
কলেজ :- পশ্চিম গুৱাহাটী মহাবিদ্যালয় ধাৰাপুৰ , বাণিজ্য শাখা ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)