পাহাৰখনে হাঁহিছে-দুলাল বৰা

Rinku Rajowar
0
সৌ দূৰণিৰ পাহাৰখনে 
মিচিকিয়াই হাঁহিছে 
কেৰাহিকৈ চায় সুৰুজটিলৈ
মৰমৰ কলিজাখন উথলি উঠে
নিৰ্জনতাত লগ পোৱাৰ 
আকুল হেপাঁহ লৈ।

হৃদয়ৰ অবুজন কথাবোৰ
আজি তাই উজাৰি ক'ব 
সুৰুজৰ দুচকুত দুচকু থৈ
উদঙাই লাজৰ ওৰণিখন।

প্ৰেমৰ তপ্ত শিখাত দুয়ো
একেলগ হ'ব পৃথিৱীৰ 
মৰমৰ আৰ্শীবাদবোৰ শিৰত তুলি।

ফুলে ফুলে জাতিস্কাৰ কৰিব
হ'ব পৃথিৱীখন হাঁহি উঠিব ৰোল
সকলোৰে হৃদয়ত মৰমৰ অনামিকাই
দিব ডোলা আঁতৰিব দুখৰ ডাৱৰবোৰ
উৰি ফুৰিব সুখৰ পখিলাজাক 
হৃদয়ে হৃদয়ে মৰমৰ সুবাসজাচি।

◾দুলাল বৰা
বিশ্বনাথ চাৰিআলি।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)