কলীয়া আকাশখন কেনেকৈ যে
দুলি আছে ?
নিজৰ চকুযোৰকে চোন বিশ্বাস কৰিবলৈ টান ...!
হেপাঁহৰ তুমি মোৰ পৃথিৱী
আজি যে কেনেকৈ মোৰ পৰা হেৰাই
যাব খুজিছা !!
মই মোৰ নিজৰ বিবেককে বিশ্বাস কৰিব পৰা নাই ...!
কিয় এনে কৰি ভাল পোৱা ...
মই বাহিৰত মৰুভূমি বুলিয়েই নে ?
মইতো তোমাক মোৰ সকলো কথাই কৈছিলো
বিশ্বাসী বন্ধু বুলি ,
এয়া নকলা যে" মই তোমাৰ বিশেষ হ'ব নোৱাৰোঁ"-বুলি
নহ'লে ইমান দিনে মই মোক নাৰাখিলো হেঁতেন
তোমাৰ ভাৱনাত,
কি কম, কুমলীয়া যৌৱন বৰ অকলশৰীয়া আছিল !
আকাশ যদিও আছিল
প্ৰেমৰ ৰʼদ-বৰষুণত চকুহাল বন্ধ হৈ আছিল...,
পোহৰ হেৰালে চায়া ছবিও লুকাই
তুমি গুচি গ'লে হৃদয়ো মৌন হৈ ৰব
ভালপোৱা বস্তুবোৰ কাষতে থাকিলেও চকুৱে নিচিনিব... !
সচাঁ হৃদয়ৰ ভাল পোৱা কিমান যে অবিকৃত!
----কাহানিও কল্পনা কৰা নাছিলোঁ
---আজি নিজেই নিজৰ বাবে
সন্ধ্যাৰ কʼলা আকাশতে হেৰাই গʼলো...।
প্ৰতিশ্ৰুতি...........???
-----"আজীৱন সচাঁ বন্ধু হৈ ৰʼম!"........।।।
◾সূৰজ বৰগোহাঁই, ধেমাজি, মৰিঢল
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ