সোণালী হৰিণী নয়ন -অনন্ত কুমাৰ ভূঞা

©Admin
0
চাবলৈ বিচাৰোঁ‌ হৰিণী  নয়ন
সোণালী হৰিণী নয়ন 
পাবলৈ বিচাৰোঁ এসাগৰ মৰম 
সাগৰ সমান মৰম
উৰিব বিচাৰোঁ‌ তোমাৰ লগত
ডেউকা কঁ‌পায়
ভালপাওঁ‌ বুলি ক'ম তোমাৰ আগত
আকাশৰ বহল বুকুত
জুমি চাব বিচাৰোঁ লাজুকী লাজুকী মন
চুঁ‌ই চাব বিচাৰোঁ তোমাৰ হিয়াখন
অ মৰম
চুঁ‌ই যোৱানা হৃদয়
চুবলৈ দিবানে তোমাৰ হৃদয় 
যাঁ‌চিবানে এবুকু মৰম
চাবলৈ বিচাৰোঁ সোণালী হৰিণী নয়ন 
ক'বলৈ বিচাৰোঁ মনৰ কথাবোৰ
ক'বানে মনভৰা প্ৰণয়ৰ কথা
আহিবানে মোৰ কাষলৈ
হাতত হাত ধৰি
গুচি যাম অজান পথত
মিলনৰ বিমল ক্ষণত
কাঢ়ি ল'ম তোমাৰ মৰম
জীৱনৰ ৰং উৰাম নীল আকাশত
সপোন ভৰা কথাৰে যাঁ‌চিম মৰম ।

✍️অনন্ত কুমাৰ ভূঞা 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)