কুৰুকি কুৰুকি খাই
ৰঙত মাতাল হয় সেই কোৰ্হালবোৰ।
অৱস হৈ পৰি ৰয়
মুখত কৃত্ৰিমতাৰ হাঁহি পিন্ধা বেদনাদগ্ধ শৰীৰ।
অন্তৰখনে ৰূপ লয়
জ্বলি জ্বলি শেষ হ'ব ধৰা এটুকুৰা এঙাৰ,
খাই পেলায় দহি দহি মনক।
বাউলি বতাহজাকো চঞ্চল হৈ আনন্দত নাচে,
সুখবোৰ কিন্তু কঢ়িয়াই নানে,
হাঁহিবোৰ আঁতৰাই চতিয়াই থৈ যায়
এবুকু দুখৰ বোজা।
মই পৰি ৰওঁ কোনোবা নিজানৰ এচুকুত,
ভেটা দিব নোৱাৰা ক্ৰন্দনৰ ৰোলবোৰ
বৈ আহে আৱেগৰ চকুলো হৈ।
ক্ষান্ত হৈ ৰওঁ....
ক্ষান্ত হৈ ৰওঁ মাথোঁ নিজৰ মাজতে।
✍️কল্পনা বৰা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ