তুমি মোৰ প্ৰেমৰ প্ৰতীক -ৰুম্পী দাস

©Admin
0
চিপচিপিয়া বৰষুণে 
মোক কপিবলৈ শিকাইছে ,
সর্পিল নদীত বৈ যায় 
সহস্ৰ বৰষুণৰ জাক ।
নিশাচৰী প্ৰাণীৰ দৰে
তুমিও নিশাচৰ ,
ঘূৰি ফুৰা অকলশৰীয়া 
জীৱন তোমাৰ ।
তথাপিও তুমিয়ে মোৰ 
 প্ৰেমৰ প্ৰতীক ,
তোমাৰ স্থান আছে 
মোৰ কোমল বুকুত ।
হৃদয়ৰ অনুভূতিত ,
তুমিয়ে আছা জিলিকি ;
তোমাৰ মুখখন ...
ৰচিত মোৰ দুচকুত ।

       ✍🏻ৰুম্পী দাস 
           ভালুকমাৰী 
           ৰাণীপুখুৰী , হোজাই 


  

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)