আজি ক'ত আছা মোক এৰি ?
তোমাৰ স্মৃতিবোৰে প্ৰতিটোক্ষণত
মোক ধৰিছে যে বেৰি ।
ন মাহ নিজৰ গৰ্ভত ৰাখি
দিছিলা মোক জন্ম বহুতো কষ্টৰ মূৰত ,
আজি তোমাকলৈ গৌৰৱ কৰোঁ
মন মেলি সকলোৰ কাষত ।
তোমাৰ কোলাতেই প্ৰথম দুচকু মেলি দেখিছিলোঁ
এই ধুনীয়া মায়াময় পৃথিৱীখন ,
আজি তুমি অবিহনে আৰু
জীয়াই থকাৰ নাই কোনো মন ।
সৰু সৰু তীক্ষ্ণ চকুৰ দৃষ্টিত
মন ভৰি তোমাকেই দেখিছিলোঁ ,
প্ৰথমত তোমাৰই নাম
মা মুখত উচ্চাৰণ কৰিছিলোঁ ।
তুমিয়েতো কৰিছিলা মোক
অসীম স্বযতনে পালন ,
কাৰোৰ লগতে কৰিব নোৱাৰো
কেতিয়াও তোমাৰ তুলনা ।
তোমাৰ লগত পাৰ কৰা এটা এটা পলে
মোৰ বুকুত আছে খুন্দামাৰি ,
মোক বান্ধি ৰাখিছিলা তুমি
দুনয়নত গোটেই পৃথিৱী উজাৰি ।
হঁহা-কন্দা সকলোতে সদায়
আছিলা তুমি সোমাই ,
আজি লগত নাই তুমি বুলি
শোকত আছোঁ যে বিনাই ।
এদিন দৰিদ্ৰতাৰ মাজতো
মুখত হাঁহি আছিল পৰিপূৰ্ণ ,
আজি যেন তুমি অবিহনে
জীৱন অসম্পূৰ্ণ ।
সিদিনা সকলো দুখৰ মাজত
এই পৃথিৱীৰ পৰা তোমাকেই হেৰাই ,
আজি যে সকলো সুখতো
দুখত আছোঁ যে খিনাই ।
শোৱাৰ পৰা উঠিয়েই দেখো নাই তুমি
মোৰ দুচকুত এতিয়া চকু পানী ,
বুকুখন বিষাই উঠে
খাবলৈ নোহোৱা হ'লো ভাতপানী ।
তোমাৰ জীৱনৰ সকলো জটিলতাৰ মাজতো
তুমি নিজে কৰি বহু কষ্ট,
মোৰ জীৱনৰ এটি নিভাঁজ কোণত
উজলীয়াই জীৱন দিছিলা সৃষ্ট ।
সদায় মোৰ ভৱিষ্যতৰ চিন্তাত চিন্তিত হোৱাত
এবাৰ তোমাৰ গৈছিল বহু গা ফুলি ,
তুমি সদায় নিজে নাখায়
মোৰ মুখত দিছিলা অন্ন তুলি ।
চাল-চলন, পিন্ধা-উৰা, থকা-মেলা ,
পৰিষ্কাৰ-পৰিচ্ছন্নতা তুমিয়েতো শিকাইছিলা ,
সকলো পৰিস্থিতিত সাৱধানে চলাৰ
জীৱনৰ বাট দেখাইছিলা ।
বিচাৰ বুদ্ধি,জ্ঞানৰ বিস্তাৰ
ভাল বেয়া বিচাৰ কৰাৰ শক্তি ,
তুমিইতো দিছিলা
মন উজাৰি এইবোৰ উক্তি ।
তোমাৰ নাছিল কোনোবা
কেতিয়াও কাষৰ আপোন ,
শত শত ঘাত-প্ৰতিঘাত,অভিযোগৰ মাজতো
কৰিছিলা জীৱন-যাপন ।
এদিনা মোৰ এটুপি চকুলোৰ বাবে
তুমি যে কৰিছিলা হাহাকাৰ ,
কি হ'ল আজি তোমাৰ
ধৰিলা যে এনেকুৱা আকাৰ ?
সিদিনা ও চকুলো বৈছিল
তোমাৰ চিতাৰ কাষত সহস্ৰ বেদনায় ,
আজি তুমি নাই বুলি
মই আছোঁ যে চেতনায় ।
দিন-ৰাতি এক কৰি কৰিছিলা
অপৰিসীম কষ্ট, নিস্বাৰ্থ ত্যাগ,
মোৰ মুখত প্ৰতিক্ষণত
মা বুলি ডাকিছিলোঁ যাক ।
আজি কেনেকৈ কৰিম
মই তোমাৰ বৰ্ণনা ?
লিখিলেও শেষ নহ'ব
তোমাৰ ৰচনা ।
মহাজননী দেৱী,কৰুণাময়ী,স্নেহময়ী
তুমিয়েতো চিন্তনীয় ,
তুমি নিস্বাৰ্থ,
তুমিয়েতো অতুলনীয় ।
আজি শূন্য মোৰ বক্ষ হৃদয় ,
শূন্য মোৰ ৰিক্ত হৃদয়
কি কৰিলে এবাৰ তোমাৰ কাষত
মোৰ যোৱা হয় ?
সদায় মুখত বাজি থাকিব
ও মা তোমাৰ ঝংকাৰে,
দুখৰ মাজতো আজিও আছোঁ
মই তোমাৰ অহংকাৰে ।
জীৱনত অকলে তোমাকে বিচাৰিছিলোঁ
সকলো কামৰ আগত ,
তোমাকেই পাইছিলোঁ মা
লাখৰ ভিতৰত ।
জীবিত কালত তোমাক
একোই নিদিলোঁ ,
আজি মোৰ সুখ-দুখ
সকলোকে খেদিলোঁ।
তুমিয়ে আছিলা মোৰ
ভাষা প্ৰাণৰ ,
আজি ধন্য হোক
তোমাৰ মানৰ ।
তোমাৰ নিচিনা কোনে বুজিব
মোৰ এই দুখৰ ভাষা ,
আজি কোনে দিব মোক
আগুৱাই যোৱাৰ আশা ।
এই অনন্ত মায়াময় পৃথিৱীত যুগ-যগান্তৰলৈ
তুমি অমৰ হোৱা ,
পাৰিলে আকৌ এবাৰ আহি
মোৰ লগত দেখা কৰি যোৱা ।
মোক এৰি সিদিনা ক'লৈ
তুমি হঠাতে অকালতে গ'লা ?
মোৰ বুকু উকা কৰি
চিৰদিনৰ বাবে আঁতৰি পৰিলা।
যোৱাৰ পিছতো আজি
আকৌ আহি দিবা জানো দেখা ,
তোমাৰ ধুনীয়া মুখখন
মোৰ দুচকুতে যেন আঁকা ।
আজিও খুজিলে পাম নে
তোমাৰ মনৰ দেশ ,
কৰিলেও নহ'ব মোৰ
মৃত্যুলৈকে কোনো শেষ ।
মই জীয়াই থকালৈকে
মোৰ মনত তুমি অমৰ হৈ ৰবা ,
তুমি পাৰিবানে কোৱা না
মই কি কৰিলে আকৌ জিতা হ'বা ?
আজি তোমাক যে হেৰাই
মনৰ দুখত কি কৰিম হায় ,
তোমাক যেন পাবলৈ
মোৰ আকৌ মন যায় ।
সকলো তুমিয়েতো মোক
কৰিছিলা দান ,
তোমাৰ পৰা পোৱা
অমূল্য প্ৰাণ ।
মই জীয়াই থকালৈকে
সোঁৱৰিম তোমাক ,
মনৰ পৰা আশীৰ্বাদ
কৰিবা আমাক ।
আজি ভাবিলেও
তোমাকেই ভাবো ভগবান ,
কেতিয়াও তোমাৰ নিচিনা
নহ'ব কোনো আন ।
পাৰিলে এবাৰ আকৌ
ঘূৰি আহা না ?
তোমাৰ ছোৱালী যে আজি
বহুত অকলশৰীয়া মা ।
যতেই থাকিবা কামনা কৰোঁ
তুমি ভালেই থাকিবা ,
পাৰিলে আকৌ নতুনকৈ
মনৰ নক্সা আঁকিবা ।
অ' মোৰ মৰমৰ মা।।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ