কৃষ্ণচূড়াত ফাগুন- এছ ইছলাম

©Admin
0
জুই জ্বলিছে 
কৃষ্ণচূড়াৰ বনত 
নৱ বসন্তৰ বতৰত
আজি বলিয়া ফাগুন।

কিমান নিশা পাৰ হৈ গ'ল
কিমান সন্ধিয়া বেলাৰ সাঁজে
কিমান ফুল সৰি পৰিল নীৰৱে
নীল আকাশ আগুৰিল
অধিক নীলা বৰণে। 

মুগ্ধ হ'ব মন
তুমি উভতি আহিলে
মেঘ মালাৰ দেশত জ্বলিব 
ৰঙৰ জুইনন
কৃষ্ণচূড়াৰ বনত 
আজি বলিয়া ফাগুন।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)