৭ জুন ইতিহাসত আজিৰ দিনটো

©Admin
0

৭ জুন  হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৫৮তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২০৭টা দিন বাকী থাকে।এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ'ল -

১/আজিৰ দিনটোতে ১৯৬৩ চনত প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে শৰাইঘাট দলংখন আনুষ্ঠানিকভাৱে যাত্ৰীৰ বাবে মুকলি কৰিছিল। এইখন হ'ল অসমৰ গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত প্ৰথমখন ৰেলপথযুক্ত দলং।

২/আজিৰ দিনটোতে ১৯৭২ চনত অসম বিধানসভাৰ অধিৱেশনত শ্বিলঙৰপৰা অসমৰ ৰাজধানী দিছপুৰলৈ স্থানান্তৰ কৰাৰ সিদ্ধান্ত লোৱা হয়।

৩/আজিৰ দিনটোত ১৯৩২ চনত ভাৰতীয় গণিতজ্ঞ এম. এছ. নৰসিংহনৰ জন্ম হৈছিল।

৪/ আজিৰ দিনটোতে ১৯৩৫ চনত ভাৰতীয় অভিনেত্ৰী শ্যামাৰ জন্ম হৈছিল।

৫/আজিৰ দিনটোতে ১৯৫২ চনত তুৰ্কী ঔপন্যাসিক, চিত্ৰনাট্যকাৰ, শিক্ষাবিদ অৰহান পামুকৰ জন্ম হৈছিল।

৬/আজিৰ দিনটোত ১৯৬৪ চনত অসমীয়া সাহিত্যিক, কবি, গীতকাৰ তথা নাট্যকাৰ পাৰ্বতী প্ৰসাদ বৰুৱাৰ মৃত্যু হৈছিল।

৭/আজিৰ দিনটোতে ১৯৮৬ চনত অসমীয়া কবি, নাট্যকাৰ, গদ্য লেখক আৰু শিশু সাহিত্যিক অতুলচন্দ্ৰ হাজৰিকাৰ মৃত্যু হৈছিল।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)