কণল'ৰা-তিলোত্তমা মহন্ত গোস্বামী

©Admin
0
আমজোপা কটাৰ পাছত কণল'ৰাৰ মনটো বৰ বেয়া লাগি আছে। ঠাইখন বৰ উদং উদং লাগি আছে। ভাল সঁচৰ আম পুলি এটা কণল'ৰাই বিচাৰি আছিল। আজি সৰুকণৰ ঘৰৰ পৰা আম পুলিটো আনি আগৰ আমজোপাৰ জেগাত পুলিটো  ৰুইহে কণল'ৰাৰ মনটো শান্তি লাগিছে। আমজোপাৰ লগত কণল'ৰাৰ বহু স্মৃতি সজীৱ হৈ আছে। 
            বাৰিষা কাল। কণল'ৰাহঁতৰ ঘৰলৈ অহা বাটটো পথৰুৱা বাট। সিহঁতৰ ঘৰলৈ সোমোৱা বাটটো এই সময়ত অত্যন্ত বোকা হয়। 
        বৰষুণৰ বতৰ, পথাৰত ৰোৱা ৰুবলৈ জুতি লাগিছে। ৰোৱনী, ৰোৱা তোলা মানুহ বা অন্য পথৰুৱা মানুহ সিহঁতৰ ঘৰৰ সন্মুখৰ পথেদি যাওঁতে আঠুলৈকে কাপোৰ ডাঙি বেঙা মেলি মেলি গৈছে। গৰু ছাগলী অহা-যোৱা কৰি থকাৰ বাবে পথটোতে ৰোৱা ৰুবপৰা অৱস্থা হৈছে। 
         এনে দিনত গৰু,ছাগলী পথাৰত মেলিব নোৱাৰি। পথটোৰ কাষতে কোনো কোনোৱে খুটি পুতি চুটিকৈ এৰাল দি থয়। পাৰিলে গৰুৰ খুটি ঘনাই লৰাই দিব লাগে। পিছে পথাৰে-ঘৰে গাঁৱৰ মানুহৰ বনে মুখমেলি থাকে; সেইবাবে অকল গৰুকেইটাৰ লগতে সকলো সময়তে মানুহ লাগি থাকিব নোৱাৰে। তথাপি কামৰ মাজতে কোনো কোনোৱে দুবাৰমান গৰুৰ খুটি সলাই দিয়ে। গৰুৱে খাবলৈ ইমান ঘাঁহ নাপায়। যি কেইডাল আছে দুই একামোৰ মাৰি খাবলৈ ইচ্ছা নকৰি ওপৰলৈ মুৰ কৰি হেম্বেলিয়াই থাকে। পাৰিলে এৰাল চিগি কঠিয়াতলিত সোমাবলৈ মন। ইফালে বাৰিষা জোক-পোক, মহ- ডাঁহৰ উৎপাতত গৰু, ম'হ, ছাগলীৰ শান্তি নোহোৱা হয়। বোকাত থাকি গৰুৰ কেতিয়াবা চবকা বেমাৰো হয়। কণল'ৰাহঁতৰ গাঁৱত জীৱ-জন্তুৰ চিকিৎসা কৰা ডাক্তৰ নাই, গতিকে মানুহে বনৌষধ ব্যৱহাৰ কৰি গৰুৰ বেমাৰ ভাল কৰে। কণল'ৰাহঁতৰ বাৰীখনত প্ৰায়বোৰ বনৌষধিৰ গছ ককাকে ৰুই লৈছিল। ককাকে মানুহ, গৰু সকলোৰে চিকিৎসা কৰিছিল। ককাক ঢুকোৱাত দেউতাকে কিছুমান ঔষধ দিয়ে। কিছুমান ঔষধ আজিকালি পাবলৈ নোহোৱা হ'ল।                
               কণল'ৰাহঁতৰ এজনী বৰ অঘাইটং গৰু আছিল। তাইৰ নাম কাজলি। তাই ইমানেই দুষ্ট তাইৰ নাকত নাকী লগাই দিয়ো ৰক্ষা নাই। সুবিধা পালেই এৰাল ছিগি নতুবা খুটি উঘালি মানুহৰ ৰোৱা, কঠিয়া খাইছিল। ককাকে সেইবাবে তাইক এনেকুৱা দিনত এৰাল নিদি পাছফালৰ আমজোপাৰ তলতে বান্ধি ৰাখিছিল। ককাক ঢুকোৱাৰ পাছত দেউতাকে তাইক বেছি দিলে। 
               আজি আম পুলিটো ৰুই পাছফালৰ পিৰালিত বহি কণল'ৰাই ভাবি আছে তাৰ ককাকৰ লগত পতা কিছুমান কথা।
      তেতিয়া সিহঁতৰ আমজোপাৰ তলতে এটা গড়াল আছিল, তাতে ধানখেৰ দি কাজলিক বান্ধি থৈছিল। ককাকে মাজে মাজে ঘাঁহ কাটি আনি তাইক অলপ বেছিকৈ খাবলৈ দিছিল। কাজলিৰ এটা ভাল গুণ তাইক ঘাঁহ খাবলৈ দিলে তাই অলপো নষ্ট নকৰাকৈ বাচি-বুটলি খাইছিল। কণল'ৰাহঁতৰ অইন গৰুবোৰে ঘাঁহ পালে কোমল কোমল ঘাঁহবোৰ খাই,বাকী অলপ টানবোৰ কামুৰি পেলাই দিয়ে। আধা-আধি ঘাঁহ নষ্ট কৰে। কাজলিৰ সেই ভাল স্বভাৱটোৰ কাৰণে ককাকে তাইক অলপ ঘাঁহ বেছিকৈ দিছিল আৰু আন গৰুকেইটাই এৰা টুকুৰা ঘাঁহবোৰ বুটলি নি কাজলিক খাবলৈ দিছিল। তাই সকলো খাইছিল। সেইবাবে বাৰিষা কালত অইন গৰুবোৰ খিনাই গ'লেও কণল'ৰাহঁতৰ কাজলিৰ স্বাস্থ্যটো ভাল হৈ আছিল। 
এদিন গৰমৰ দিনত দুপৰীয়া ভাত খাই উঠি কণল'ৰা আৰু ককাক আমজোপাৰ তলতে বহি বাঁহৰ কাঠিৰে ঢাৰি বৈ আছিল। 
            কণল'ৰাই ডলা, চালনী, খৰাহী আদি ধুনীয়াকৈ ব'বলৈ জানে। সি সেইবোৰ ব'বলৈ ককাকৰ পৰাই শিকিছিল। সি তেতিয়া ব'বলৈহে জানিছিল, বাও বান্ধিব জনা হোৱা নাছিল। এতিয়া তাৰ সমনীয়া বোৰে নাজানে যদিও কণল'ৰাই সেই কামবোৰ ধুনীয়াকৈ জানে।  
          এনেকৈ ককাকৰ লগত গৰম বন্ধত আমতলত কাম কৰি থাকোঁতে গছৰপৰা পকা আম সৰি পৰিলে কণল'ৰা আৰু ককাকে তাতেই কাটি খাইছিল। কণল'ৰাক ককাকে তেতিয়া কৈছিল-
 " বাৰীখনত ফলবোৰ ৰুই থৈছোঁ বাবেই সুস্বাদু ফল খাবলৈ পাইছোঁ। গছ মানুহৰ অফুৰন্ত ভাণ্ডাৰ। আমি আমজোপাৰ ছাঁত জিৰাইছো, আম খাবলৈ পাইছোঁ।"
ককাকে কণল'ৰাক সুধিছিল - 
"তই জাননে ?"
'কি ককা?'
"মই ৰোৱা এই আমজোপাৰ লগত মোৰ আৰু বহু কথা জড়িত হৈ আছে।"
'কোৱাচোন কি কথা ?'
ককাকে মিচিককৈ হাঁহি এটা মাৰি কৈছিল-
"আম পুলিটো যেতিয়া ৰুইছিলোঁ মই তোতকৈয়ো সৰু আছিলোঁ। মই ডেকা হ'লো এই পুলিটোও ডাঙৰ হ'ল। মোৰ বিয়াত ইয়াৰ পাতবোৰকে নি ঘটত দিলে, দুৱাৰ মুখত, কলৰপুলিত আঁৰিলে। আমৰ ডাল কাটি হোমৰ খৰি কৰিলে। দেখিলি আমজোপা কিমান কামত আহিল!"
'অ ককা, এতিয়া আমি ইয়াৰ ছাঁত বহি উৎকট গৰমৰ পৰা পৰম শান্তি লাভ কৰিছোঁ।'
কণল'ৰাই ককাকক তেনেকৈ কোৱাত ককাকে কৈছিল-
"অকল আমিহে নে ! চৰাই-চিৰিকতি পোক-পৰুৰা, সকলোৰে বাসস্থান এই আমগছ জোপা।"
এনেতে কুউ কুউকৈ কুলি চৰাই এটাই বিনাইছিল। 
'ককা কুলিটোৰো আবাসস্থলি।'
"অ, এতিয়া বুজিলিনে  গছে কিমান উপকাৰ কৰে ? গছৰপৰা  আমি শিকিব পাৰোঁ কেনেকৈ পৰোপকাৰ কৰিব পাৰি।"
         কণল'ৰাই ককাকৰ পৰাই শিকিছিল জীৱ-জন্তুক প্ৰতিপালন কৰিবলৈ আৰু গছ ৰুবলৈ। 
             ঘৰটো সাজিবলৈ কণল'ৰাৰ দেউতাকে আমজোপা কাটি কাঠ ফলাই আনিলে। আমজোপা কটাৰ দিনা কণল'ৰাৰ মনটো বৰ বেয়া লাগিল। ককাকৰ কথাবোৰ তাৰ মনত পৰিছিল।
         আজি কটা আমজোপাৰ জেগাত সি এটা আমপুলি ৰুই বাঁহৰ ঘেৰ সাজি আম পুলিটো বেৰি দিলে। সি ককাকৰ পৰা শিকিছিল - "গছেই মানৱ জাতিৰ জীৱন আৰু জীৱিকাৰ আহিলা।" এইখিনি কাম কৰি কণল'ৰাৰ মনটো বৰ ভাল লাগিল। 
             ************

✍️তিলোত্তমা মহন্ত গোস্বামী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)