বিষণ্ণতা -জ্যোতিষ্ক বৰুৱা

©Admin
0
প্ৰতিবেশীৰ হুলস্থূলত খপ জপকৈ সাৰ পাই গুৱাহাটীৰ চহৰৰ মজিয়াত থকা ভাড়াঘৰত অনিন্দিতাৰ বাৱে এইয়া কোনো নতুন কাহিনী নহয় ৷ নৈমিত্ৰিক শুনি শুনি আমনি লগা এটা চিৰ পৰিচিত ঘটনা ৷ বাথৰুমলৈ গৈ আহি বিচনা খনত পৰি লৈ ভাৱিলে এই মানুহ জনীক এনেদৰে অত্যাচাৰ কৰি কোনোৱা এদিনা মাৰিয়েই পেলাৱ ৷ মানুহজন ওলাই গলে দিনটো শান্তিত থাকে ৷ ডিউটিৰ পৰা আহি সন্ধ্যা হোৱাৰ লগে লগে মানুহ জনে অলপ মানুহ গৰাকীক অলপ খন অশান্তি কৰে নে ?
তিৰোতা মানুহ শহুৰ শাশুৰ,ল'ৰা-ছোৱালী সকলোকে সন্তুষ্ট কৰাৰ ওপৰিও ঘৰৰ কাম বন কৰি দিনটোত আজৰি নোপোৱা এই মানুহ গৰাকীলৈ কেতিয়াৱা অনিন্দিতাৰ দয়া ওপজে ৷ বিশাল তিনি মহলীয়া ঘৰটোত একোৰে অভাৱ নথকা মানুহ গৰাকীৰ কেৱল স্বামীৰ মদাহী স্বভাৱৰ বাবেই জীৱনটো অশান্তি ৷
নিজৰ মানুহ জন পৰাগৰ কথা ভাৱিলে ৷ আৰ্মীৰ চাকৰীৰ বাৱে বছৰত দুই এবাৰহে আহে ঘৰলৈ বুলি ৷ আহিলে যি কন সময় পায় নিজৰ লৰা আৰু পত্নীৰ লগতে সময়কন দিয়ে ৷ দৰ্মহাৰ টকাৰে তিনিখন ঘৰ চলোৱাৰ অৱস্থা ৷ মাক-দেউতা গাওঁৰ ঘৰত থাকে ৷ সৰু ভায়েকটো যোৱা বছৰ পঢ়া-শুনা শেষ কৰি বাংগালোৰত প্ৰাইভেট জৱ এটা কৰিছে যদিও দৰ্মহা কেইটা তাকেই নুজোৰে ৷ নিজৰ চলিৱলৈ, ভায়েকলৈ,মাক দেউতাকলৈ,আমালৈ ভাগে ভাগে মাহৰ শেষত দৰমহাৰ টকাকেইটা সময়ত পঠিওৱা কামটো শেষ নহয়হে লাগে ৷ লৰাটোক পঢ়ুওৱাবলৈ একমাত্ৰ গুৱাহাটী চহৰ খনত ভাড়াঘৰটোত থাকি আমনি লগা হৈছে ৷ ঘৰৰ নামত গাওঁতে পকী খুটা এটাও বনাৱ পৰা নাই ৷ মানুহজনক কলে কয় ঘৰ নো কিটো বনালেই ঘৰ নৱনালেই বাঁহ তল ৷ অৱশ্যে তিনিমহলত থকা মানুহ গৰাকী অৰ্থাৎ মালৱিকাৰ কথা মনলৈ আহিল ৷ গাড়ীয়ে,ঘৰে,টকাই পইচাই থাকিও নো কি শান্তি আছে মনৰ সুখেই নাই ৷ কেতিয়াৱা ঘৰৰ পৰা ওলাই এপাক ফুৰিৱলৈ আজৰি নাই,মানুহটোৰ ফুৰাৱলৈ সময় নাই ৷ বিয়া কৰাই আনি চাকৰৰ দৰে কেৱল কাম আৰু কাম ৷ দিনটোত ঘৰৰ ইটো সিটো কাম বন,আলহী -অতিথি ,ঘৰৰ পৰিয়ালৰ মানুহক আলপৈচান ধৰোতে বেলি আহি সন্ধ্যা লাগেহে ৷ মানুহটো ডিউটিৰ পৰা আহি পালে আৰু ৰক্ষা নাই ৷ ইটো কৰা নাই,সিটো কৰা নাই, ইটো লাগে সিটো লাগে লগত কথাই প্ৰতি লাঠ গুৰ চৰ সোপাৰ উৎপাত আছেই ৷
হাজাৰেই হওক তিৰোতা মানুহ তাইৰো মন এটা আছে, ইচ্ছা আছে,অনুভৱ আছে ৷ পত্নী বুলিয়েই যৌতুক বিচাৰি,দুখীয়া ঘৰৰ ছোৱালী বুলি মাকৰ ঘৰৰ পৰা একো লগত নানিলেই বুলি ইমান অত্যাচাৰ কৰেনে ? ভাৱি ভাৱি অনিন্দিতাৰ মালৱিকাৰ মানুহটোলৈ কেতিয়াৱা খং উঠে… ?
আনৰ কাজিয়াত কোনেনো মাত মাতিৱ ৷ ওচৰৰ মানুহবোৰেও নামাতে যেতিয়া তাইয়ো মনে মনে থাকে ৷ আচলতে মালৱিকাৰ স্বামী এজন চৰকাৰী উচ্চপদস্থ বিষয়া বাৱে ওচৰ চুবুৰীয়া সকলোৱেই ভয় কৰে ৷
মালৱিকাসঁতৰ ঘৰখনৰ লগত তাইৰ বৰ এটা আহ যাহ নাই যদিও মাতবোল আছে ৷ কেতিয়াৱা সময় পালে চু মাৰি অনন্দিতাই থকা ভাড়াঘৰটোলৈ তাই কেতিয়াৱা অনিন্দিতাৰ ওচৰত কাপোৰ চিলাৱলৈ,তাই বনোৱা আচাৰ কিনি নিৱলৈ আহে ৷ তাই মাজে মাজে কয় আপোনাৰহে সুখ দেই ৷ মানুহ জনে বছৰৰ মূৰত আহিলে ফুৰাৱলৈ নিৱলৈ নাপাহৰে,থকা দিনকেইটা পৰিয়ালক সময় দিয়ে,গাঁওৰ ঘৰলৈ যায় ৷ তাইৰহে এনে ভাগ্য নঘটিল, ঘৰে দুৱাৰে সকলো আছে যদিও মনৰ সুখ নিমিলিল ৷ মাকৰ ঘৰলৈয়ো কেতিয়া গৈছিল, কিমান যে বছৰ হল পাহৰিয়ে পেলালে হেনু ৷ তাইৰ কথাবোৰ শুনিলে অনিন্দিতাৰো বেয়া লাগে ৷ কেৱল নিৰৱে তাইৰ কথাবোৰ শুনি থাকে ৷ চকুপানী খিনি এদিন মচি দি কলে আপুনি আইনৰ সহায় নলয় কিয় ? এহ নকৱা আৰু অনিন্দিতাএইবোৰ কৰিনো কি লাভ হৱ ৷ সকলো মানুহজনৰ হাতৰ মুঠিত ৷ এনেদৰে কিছু দিন গল ৷ 
এদিন মাজৰাতি মস্ত চিঞৰ বাখৰ ৷ একোৰা বিৰাট ডাঙৰ পোহৰ মালৱিকাৰ চোতালত ৷ অনিন্দিতাই নিশাখন সাহ কৰি বাহিৰলৈ ওলাই দেখে কোনোৱা নাৰীৰ কণ্ঠস্বৰ ৷ এইয়া দেখুন মালৱিকাৰ কণ্ঠস্বৰ আৰু এইয়া কি তাইৰ গাত দেখুন জুই ! তাই জ্বলি থকা দেহাটোৰে সিহঁতৰ নিজৰ ঘৰৰ পদূলিৰ গেট খন খুলিৱলৈ অপ্ৰাণ চেষ্টা কৰিছে ৷ অৱশেষত চিঞৰ বাখৰ শুনি ওলাই অহা কেইজন মানৰ প্ৰচেষ্টাত তাইৰ শৰীৰৰ জুই নুমোৱা হল ৷তাইৰ মানুহ জন কাষতেই থিয় হৈ আছো ৷ ঘোৰ নীচাত মছগুল হৈ হাতত এটা কেৰাচিনৰ গেলন আৰু তাইক বেয়া বেয়াকৈ কিৱা কিৱি কৱলৈ এৰায়ে নাই ৷ কোনোৱা এজনৰ ফোনৰ পৰা এম্বুলেঞ্চ মাতি ব্যক্তিগত এখন নাৰ্চিং হোমত ভৰ্ত্তী কৰোৱা হল ৷ অনিন্দিতাও লগত গল মৃত্যুৰ সতে যুঁজ দিয়া মালৱিকাৰ চিঞৰ বোৰ শুনি শুনি অনিন্দিতাৰ মনটো সেমেকি গল ৷ আজি দুদিন হল তাই মেডিকেলত থকা তাইৰ মানুহজনে এদিনো চাৱলৈ অহা নাই ৷তৃতীয় দিনা মালৱিকাৰ মাক জনী খৱৰ পায় ওলালহি ৷ তাইৰ মাকৰ পৰা গম পালে মালৱিকাৰ স্বামীক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷ আনফালে আকৌ মহানগৰত মালৱিকাৰ প্ৰতি হোৱা এনে নিৰ্মম অত্যাচাৰৰ বিচাৰৰ দাৱীত নাৰী সকলৰ মৌন সমদল ৷ আৰক্ষী চকীত জনতাৰ উত্তাল প্ৰতিৱাদ ৷ আইন বিচাৰে সাক্ষীৰ প্ৰমান ৷ ওচৰৰ সকলোৱে তাইক স্বামীয়ে কৰা অত্যাচাৰৰ কথা সকলো জানে ৷ কিন্তু কোনে দিৱ সাক্ষী ? সকলোৱে যেন নিশ্চুপ ৷ চতুৰ্থ দিনা মৃত্যুৰ সতে যুঁজি যুঁজি মালৱিকাও প্ৰাণ ত্যাগ কৰিলে ৷ একমাত্ৰ মাকৰ বাদে কোনো ককাই ভাই নথকা ছোৱালী জনী গলগৈ ৷ মাকে কান্দি কান্দি অনিন্দিতাক কলে আই এই পাষাণ টোৱে মোৰ ছোৱালী জনীক খালে ৷ ধনী বুলি সুখত থাকিৱ বুলি দিলো সিহঁত সোপাই অত্যাচাৰ কৰি মোৰ ছোৱালী জনীক মাৰি পেলালে অ' আই ৷
তুমিও ঘটনা টোৰ দিনা তাত পোনপটীয়া ৰূপে তাত আছিলা তাইৰ ওপৰত কৰা সিদিনা অত্যাচাৰৰ কথা সকলো জানা ৷ তুমি এই অপৰাধীক শাস্তি দিয়াৰ নিমিত্তে সাক্ষী দিৱানে ? কোৱা আইজনী কোৱা? এবাৰ মোৰ ফালে চাই কোৱা পাৰিৱানে মোৰ ছোৱালী জনীৰ হৈ সাক্ষী হৱ ? অনিন্দিতাও কৱ নোৱাৰাকৈ ওমম বুলি মোৰ দুপিয়াই মালৱিকাৰ মাকক সাৱটি সান্তনা দিয়াৰ লগতে বুকুত হেঁচা মাৰি ধৰা বিষাদৰ চেঁপা উত্তেজনা লৈ অৱশেষত হুৰাহুৰে কান্দিৱলৈ ধৰিলে ৷ চিঞৰি চিঞৰি কৱলৈ ধৰিলে দিম আই নিশ্চয় দিম ৷ এনেদৰে কিমান মালৱিকাৰ অত্যাচাৰত মৃত্যু হৈছে তাৰ ঠিকনা নাই ৷ এগৰাকী নাৰীয়ে এগৰাকীৰ মন নুবুজিলে কোনে বুজিৱ ৷ মই সকলো কম… আইনৰ মজিয়াত ৷ মই সাক্ষী হম ৷

✍🏾জ্যোতিষ্ক বৰুৱা
নামৰূপ,অসম
মোৱাইল নং:-৯৩৬৫০০৮৩৪৩

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)