স্মৃতিৰ পটত সোণসেৰীয়া দিনবোৰ-এছ ইছলাম

©Admin
0
আজিও মনত পৰে মইনবৰীলৈ 
ইয়াতেই পঢ়া ইয়াতেই জ্ঞানার্জন কৰা
পশ্চিম মইনবৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়
উনৈশ শ ষাঠি চনতে গঢ়া। 

আহ! কিমান যে মনোৰম
কিমান যে সোণসেৰীয়া দিনবোৰ
পুহি ৰাখিছোঁ বুকুত
পাতনি মেলিছিলোঁ শিক্ষা জীৱনৰ
আজিও কান্দি উঠে অন্তৰ। 

আজিৰ দৰে হিংসা-ইৰ্ষা নাছিল
একতাৰ ডোলেৰে বান্ধ খাই আছিলোঁ
হিন্দু-মুছলমান কি নেজানিছিলোঁ
এক নিবিড় সম্পর্ক গড়ি উঠিছিল
পঢ়াৰ ক্ষেত্ৰতহে প্ৰতিযোগিতা আছিল। 

আজিও জল্ জল্ পট্ পট্ কৈ 
আছে মোৰ মনত
বাৰাণ্ডাত ওলমি থকা ঘন্টাটো 
ভাহি আছে চকুৰ আগত। 

সেই সময়ত অসমত আন্দোলন
তিৰাশীৰ ৰক্তাক্ত ইতিহাস
আন্দোলন কৰিবলৈ স্কুল বৰ্জন 
কিমান যে ভয়ংকৰ আছিল আন্দোলন। 

তথাপিও সকলো আছিল এক
মইনবৰী সদায় একতাৰ প্ৰতীক
ধৰ্মক লৈ কোনোকালে কোনোদিন 
হতাহতি হোৱা নাই
আজিও অক্ষুণ্ণ আছে একতাৰ বান্ধোন।

বেকী-মানাহ-চাউলখোৱা নদীৰ পাৰতে 
আমাৰ পঢ়াশালিখন
অপূৰ্ব প্ৰাকৃতিক সৌন্দৰ্য্যৰ আঁকৰ
সেই স্মৃতি আজিও মনত পৰে মোৰ। 

কৰ্ম জীৱনৰ পাতনি মেলিলোঁ ইয়াত
মইনবৰীৰ দৰে ঠাই 
মোৰ বাবে আন ক'তো নাই
মাতৃৰ পাছতেই মইনবৰী মোৰ প্ৰিয় ঠাই।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)