সামাজিক প্ৰেক্ষাপটত কিছু মুক্ত চিন্তন-জ্যোতিষ্ক বৰুৱা

©Admin
0
সস্তীয়া স্বাৰ্থান্বেষণৰ চিন্তনেৰে সমাজত জনপ্ৰিয়তা লাভৰ আখৰাত মানুহে কত যে কি নকৰে ৷ তৰল চিন্তনেৰে স্থায়ী সমাধানৰ উদাত্ত চেতনা মানুহৰ মনত জগাই তুলি  নিজৰ স্বাৰ্থ সিদ্ধিৰ কু-অভিপ্ৰায়েৰে বৈতৰণী পাৰ কৰা মানসিকতাহে সমাজখনত তুংগত উঠিছে ৷ সমাজত এনে এচাম মানুহ সদায় এনে চিন্তনেৰে নিজকে সকলোতকৈ এখোজ আগত আগবাঢ়িব খুজে ৷ যি হ'লেও সৰ্বপ্ৰথমে তেওঁলোককহে লাগে,সদায় সকলো থাকি আৰু যেন বেচিকৈ  লাগেহে ৷ সমাজৰ সকলো শ্ৰেণীৰ মাজত সু-উচ্চ আসন খনো তেওঁলোকৰহে প্ৰয়োজন ৷ তেওঁলোকেহে সমাজত জ্ঞানী,ধনীৰ ভিতৰত ধনী,সময় হ'লে দুখীয়াতকৈ দুখীয়াৰ দৰে সৰু সৰু অপাৰ্থিৱ বস্তুৰ ওপৰত মনৰ লোভটো সামৰিৱ নোৱাৰে,কেতিয়াৱা তেওঁলোকক অতি ভোকাতুৰ যেন লাগে,যেন তেওঁলোকৰ হে পেটত ভোক বোলা বস্তু এটা আছে ৷ যি মান থাকিলেও তেওঁলোকক একোটেই নুজোৰে ৷ সমাজ খনো তেওঁলোকৰ মতে চলিব লাগিব যেন ভাৱ এটা লৈ হস্তক্ষেপৰ বলীষ্ঠ কুটনৈতিক অভিসন্ধিবোৰ মনৰ জোলোঙাত সকলো সময়তে বুদ্ধিৰে কৌশলতাৰে প্ৰয়োগ কৰিবলৈ  অনবৰতে যেন এচামে খাপ-পিটি  ৰৈ থাকে ৷ সকলোতে যেন নমৰালৈকে তেওঁলোকেহে থাকিৱ লাগে,  তেওঁলোকৰ বাদে সেই বিলাকত হাত দিব খুজা মানেই আন চামৰ এক বৃহৎ অপৰাধ ৷ সেইয়া তেওঁলোকৰ কেৱল ধাৰণাই নহয়, তেওঁলোকৰ ধাৰণা সমূহেই একো একোখন সমাজত যেন সংবিধান ৰূপত চলিত ৰূপত প্ৰৱাহ হৈ পৰে ৷
         আনৰ প্ৰয়োজনীয়তা,অধিকাৰক
সদায় বঞ্চিত কৰি নিজে ভোগ কৰা কায়দাটোৰে সমাজ খনত নিজৰ নাটক খন চাবলৈ হে মাতে খাবলৈ বা দিবলৈ নামাতে ৷ যদিও দিয়ে সেইয়া সামান্য আৰু নগন্য ৷ সেইয়াকে লৈ সমাজত অতিদানীৰ ফোপোলা স্বৰূপটো লৈ মানুহৰ কানে কানে কৈ সুখ অনুভৱ কৰে ৷ সমাজ বুলি কলে কিতাপৰ পাঠত লিপিবদ্ধ সমাজ ব্যৱস্থা,চুক বা চুবুৰী,পৰিয়াল,যৌথ পৰিয়াল মানে লিখা টোকাবোৰ আৰু বৰ্তমানে চলি থকা বা আমি প্ৰতক্ষ্য কৰা সমাজত এই ধাৰণাৰ আকাশ-পাতাল পাৰ্থক্য  আছে ৷ মানুহে মানুহৰ প্ৰতি থকা বিশ্বাস,সন্মান,আদৰতা,ধাৰণা,
সামাজিক চিন্তনবোৰত ব্যাঘাত জন্মাৰ কাৰকো এনেবোৰ কাৰণতে উৎপত্তি হৈছে ৷ যোগ্যতাৰ বিচাৰ মানুহে মানুহৰ মাজত নুহোৱা কৰাৰ প্ৰচেষ্টাও বৰ্তমানত মানুহেই মানুহৰ ওপৰত চলিছে ৷ জোৰ যাৰ মুলুক তাৰ দৰে সমাজখনত এনে কেতবোৰ চৰিত্ৰহে প্ৰকাশৰ শুভাৰম্ভনি চলিছে ৷ লাভ -লোকচানৰ অংকত পৰি কিছু ত্যাগী হবলৈ মানুহে সমাজত পাহৰিৱ ধৰিছে ৷ কেৱল  ওকলাই লোৱাৰ মানসিকতাই এচামৰ মনত অনবৰতে  বিৰাজমান হৈ থাকে ৷


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)