নাছিৰ আহমেদৰ কবিতা | আই, মোৰ সপোন পূৰণ হ'ব নে?

Rinku Rajowar
0
🔴নাছিৰ আহমেদ
শিমলাবাৰী গোৱালপাৰা।

আই, তোমালোকৰ সপোন পূৰণ কৰিলোঁ
মোৰ সপোন পূৰণ হ'ব নে? 

জানা আই, আমাৰ ঘৰৰ মূধচৱেদি
মই সদায় তৰা বোৰ লেখি থাকোঁ ।

টক টক কৈ মোলৈ চাই থকা
তৰাটি চাগে' মোৰ পিতাই
তেওঁ যে, মোৰ মূৰত হাত থৈ আশিস দিছিল

"মই জানো, তই পাৰিবি, সোণজনী! 
তোৰ পৰীক্ষাৰ বহীত
তৰাই  তৰাই জিলিকি উঠিব"

তিৰবিৰাই থকা তৰাটি চাগে'
মোৰ অতিকৈ চেনেহৰ কাইটি! 
তেৱোঁ কৈছিল, "হয়, তই পাৰিবি
অংক, ইংৰাজী, বিজ্ঞানৰ বহীত
তৰাৰ পোহৰেৰে আমাৰ ঠাইকণ পোহৰাই তুলিবি"

এদিনৰ জ্বৰতে কাইটি মোৰ
ঘৰৰ মূধচৱেদি গৈ আকাশৰ তৰা হ'ল!! 

আই, তোমালোকৰ সপোন পূৰণ কৰিলোঁ 
মোৰ সপোন পূৰণ হ'ব নে? 
নে এজাক বৰষুণ নামিলেই
সৰু-বৰ টোপালবোৰে টোপাটোপে 
মোৰ গা-মূৰ তিঁৱাই দিব অনবৰতে
আৰু ময়ো চাগে
আকাশৰ তৰা হৈ
তোমালৈ চাই থাকিম, মোৰ আই!!!

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)