বহুদিন হ'ল ভালপোৱাৰ বিষয়ে একো নোকোৱা...
কেতিয়াবা বেজাৰ লাগে
বুকুখন বিষাই উঠে
আৰু হেঁপাহ বোৰে উৰিব খোজে কহুৱা হৈ লাহে -লাহে..
কবিতা বুলিলে সেউজীয়া হৈ পৰো ...
ঠিক
পিতাইৰ পথাৰ খনৰ দৰে...
আপোনাৰ একান্ত শুভ চিন্তক হ'ম বুলিও হ'ব পৰা নাই..
শূণ্য হৃদয়ৰে আপোনাৰ
প্ৰিয় হও কিদৰে...!
তথাপিও আপোনাৰ প্ৰতিটো শব্দ
মোৰ শৰিৰী পৃষ্ঠাত চিয়াঁহীৰ টোপালহৈ বৈ যায়____
ভুলতে কৈ দিব পাৰোঁ আপোনাক
আকৌ এবাৰ____
সেউজীয়া কৰিবা নেকি
হৃদয়ৰ পদূলি..!
কথাদিলো
আই আৰু পিতাইৰ দৰেই জিলিকাই উঠাম
আমাৰ পৃথিৱী..।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ