অনুভৱৰ একলম -হীৰক জ্যোতি গগৈ

©Admin
0
মোৰ কল্পনাৰ তুমি অবিহনে যে কোনো অস্তিত্বই নাই। মই গ'ম নোপোৱাকৈ তুমি কোনোবা খিনিত মোৰ প্ৰিয়। ভাল লাগে ভাবি। তুমি, মই আৰু মুক্ত আকাশ। আহাৰ মহীয়া এটি কোমল ৰাতিপুৱা। তোমাৰ হাতৰ আঙুলিৰ মাজত মোৰ আঙুলিৰ স্পৰ্শ, নিয়ৰে দলিচা পৰা দুবৰি দৰাই ও প্ৰাণ পাই উঠিব তোমাৰ মোৰ মৰম বোৰ দেখি। দুবৰি দৰাই যেন ক'ব আমাক _"সদায় এনেদৰেই আহিবা চোন তোমালোকে মোক নতুনকৈ জী থকাৰ প্ৰেৰণা দিবলৈ"_ । তুমি মই সেই দুবৰি দৰাৰ ওপৰেৰে আলফুলকৈ আগবাঢ়ি যাম আমাৰ জীৱনৰ গন্তব্যস্থানলৈ। মাজে মাজে দুই এটা কথা আৰু তোমাৰ কবিতাৰ দুই এটা সৰু সৰু কলি কেৱল মোৰ বাবে। আমাৰ প্ৰেম দেখি প্ৰকৃতিয়েও যেন থমকি ৰ'ব আমাৰ সৈতে। আহঃ কি যে এই চঞ্চল অনুভৱ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)