এটি গল্প- জ্যোতিষ্ক বৰুৱা

©Admin
0
"শুনিছেনে আজি ইমান দেৰিলৈকে আপুনি শুই আছে?" মানুহ গৰাকীৰ মাতত সাৰ পাই খপ জপকৈ উঠি অচ্যুত গোঁহাই উঠি একে কোবে বাথ ৰুম পালেগৈ ৷ গাটো ধুই ড্ৰাইভাৰটোক গাড়ীখন উলিয়াবলৈ কৈ ড্ৰেচ যোৰ পিন্ধি জোতাযোৰ পালিচ কৰি চিঞৰি উঠিল ৷"তোমাৰ হলনে?"
"ওম, মোৰ হলেই ।" এই বুলি দুৱাৰ খনত তলা মাৰি কাম কৰা লগুৱা কেইজনক ইটো সিটো কামৰ দায়িত্ব বুজাই দুয়ো গাড়ীৰ চিটত বহি পৰিল ৷ আন বছৰবোৰৰ দৰে আজিও অচ্যুত গোঁহাই মন্দিৰত এখন শৰাই দিয়াৰ লগতে দৰিদ্ৰ, ভিক্ষাৰী সকলক এসাঁজ খোৱাৰ লক্ষ্যৰে গন্তব্য স্থানলৈ গাড়ীৰে গতি কৰিলে ৷ গৈ থাকোতে এবাৰ মানুহজনীলৈ মুখ খনলৈ চাই গাড়ীৰ গ্লাচেৰে আলিবাটটোৰ পিনে মুখ কৰি মনতে ভাৱিলে আজি ১৮বছৰে একেটা কামকে বছৰি এবাৰ কৰা হয় একমাত্ৰ সন্তান পল্লৱক হেৰুওৱাৰ বেদনাত। আন সময়ত মনত নপৰিলেও আজিৰ দিনটোত সঁচাই মনত পৰি কোনোবা একোণত বিষ কৰি অনুভৱ হয় ৷ আজি তাৰ জন্মদিন ৷ অসমৰ ভিতৰতে বিভিন্ন দিশত গৱেষণা কৰি সুনাম অৰ্জন কৰা সন্তানটিৰ হঠাৎ আকস্মিক দু্ৰ্ঘটনাত হোৱা দৃশ্য,দিনটোৰ কথা ভাৱিলে অচ্যুত গোঁহাইৰ বুকুখনৰ একুনত হেঁচা মাৰি ধৰে। বিষটোৱে কেতিয়াৱা বুজাৱ নোৱাৰা হৈ পৰে ৷
মন্দিৰ পায়েই পুৰোহিতৰ হতুৱাই শৰাই খন আগবঢ়াই প্ৰসাদ এভাগি লৈ , বাহিৰত দৰিদ্ৰ সকললৈ প্ৰতিবছৰে দিয়া এসাজ খাদ্যৰ শাৰী পাতি বহা জুমটোৰ পিনে গতি কৰিলে ৷ হঠাৎ পিছফালৰ মাতত সম্বিত পাই ঘূৰি চাই অৰ্পনক দেখা পাই মিচিকিয়াই হাঁহি মাৰি ক'লে -- "সকলোৱে ঠিক মতে খাৱলৈ পাইছেনে?" অৰ্পনৰ লগত অচ্যুত গোঁহাইৰ সম্পৰ্ক বহুবছৰ ধৰি ৷ সৰুতে পৃতিহাৰা দৰিদ্ৰ পৰিয়ালৰ অৰ্পনৰ পঢ়া শুনাৰ দায়িত্ব লৈ আজি অৰ্পনক মানুহ হিচাপে গঢ় দি আজি চাৰ্কোল অফিচৰ উচ্চ বিষয়া হিচাপে গঢ়িলে ৷ নিজৰ মাক দেউতাকৰ দৰে অচ্যুত গোঁহাই পৰিয়ালটোৰ দায়িত্ব লোৱা সকলো সময়তে সহায় সহযোগ কৰা যথেষ্ট অমায়িক ৷ দিপলিনা,সুৰভী,অংকুৰ হঁতৰ দৰে ভালেকেইটা ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ দায়িত্ব লোৱা অচ্যুত গোঁহাই সিঁহতে দিয়া সন্তানৰ দৰে মৰমবোৰ,মাজে সময়ে ফোন যোগেৰে লৈ থকা খৱৰ বোৰৰ মাজতে যেন এতিয়া হেৰুওৱা সন্তানৰ সুখ বোৰ বুটলি পায় ৷ অকনো যেন পৰৰ সন্তান যেন ভাৱিবলৈ সুযোগ নিদিয়া ল'ৰা ছোৱালী বোৰৰ মাজত যেন সঁচাকৈ হেৰুওৱা পল্লৱৰ মুখখন যেন বিচাৰি স্বৰ্গীয় সুখ পায় ৷ 
বেমাৰ আজাৰৰ সময়তো খবৰ পালে আটাই বোৰ ধপলিয়াই পায়হি ৷ বৰদেউতা,বৰমা মাতেৰে ক্ষণিকতে কেতিয়াৱা অকলশৰীয়া ঘৰখন সিহঁতবোৰৰ উপস্থিতিত আনন্দেৰে ভৰি পৰে ৷ হঠাৎ ফোনটো বাজি উঠিল ৷ স্ক্ৰীনত চাই ফোনটো ৰিচিভ কৰিল… ……
"হেল্ল...
অ, বৰদেউতা……মই দিপলীনাই কৈছো ৷ আপুনি ক'ত আছে ?"
"অ' মই গাড়ীৰে ঘৰলৈ গৈ আছোঁ , কোৱা!"
"এটা ভাল খৱৰ আছে ৷ মোৰ চাকৰী এটা হ'ল ৷"
"ভাল কথা……৷ অভিনন্দন ৷"
"ধন্যবাদ বৰদেউতা ৷ মইয়ো গৈ আছো আপোনালোকৰ ঘৰলৈ আৰু দহ মিনিট
মান লাগিব ৷" 
"অ' আমিও পামগৈয়ে ৷" 
কিমান দিনৰ মূৰত যে আহিছে তাই ৷ মনতে অলপ বিৰবিৰাই ড্ৰাইভাৰ জনক ক'লে ৷ "ভাল মিঠাই দোকান এখনত ৰাখিবাচোন ৷ চাহ খাবলৈ মিঠাই অলপ লব লাগিব ৷ সিঁহত বোৰ আহিলে ঘৰখন যেন আনন্দৰে নধৰা হয় ৷ সকলো হেৰুওৱাৰ দুখবোৰ পাতল হয় ৷"

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)