মোৰ অকণমান সহানুভূতিৰ প্ৰয়োজন আছিল - আব্দুৰ ৰহমান প্ৰামাণিক

©Admin
0
জানুৱাৰীৰ ১০ তাৰিখত মোৰ SSC পৰীক্ষা। স্থান গুৱাহাটীৰ কাহিকুচি E Com Tower. ইয়াৰ বাবে এদিন পূৰ্বে যোৱাৰ পৰিকল্পনা কৰি থাকোতেই হঠাৎ মোবাইল বাজি উঠিল।

মই -হেল্লো কোনে কৈছে?

ফোন কৰোতা- মই মহামায়াৰ পৰা কৈছো। মই শুনিলো আপোনাৰ বোলে ১০তাৰিখত গুৱাহাটীত SSC পৰীক্ষা আছে সেয়ে ফোন কৰিলোঁ।

মই - অ' ঠিকে কৈছে। কিন্তু আপোনাক চিনি নাপালোঁ যে?

ফোন কৰোতা - মোৰ নাম..........। মোৰো সিদিনা পৰীক্ষা আছে। ভাবিছোঁ একেলগে গ'লে ভাল হ'ব নেকি? সেয়ে ফোন এটা কৰিলো। গ্ৰুপ এটাৰ পৰা আপোনাৰ নম্বৰ লৈছো।

মই - তেনেহলে ভালেই হ'ব। ময়ো অকলশৰীয়া। একেলগে যোৱাটোৱে শ্ৰেয়। 

ফোন কৰোতা - মোৰ গাঁৱৰ আৰু দুজন আছে। তুমি মোক ফোন কৰি আহিবা। ৰাতি সাত বজাত আহিবা।

মই - নহয় বন্ধু ! মোৰ ঘৰ গৌৰীপুৰৰ পৰা ৩০কিলো মিটাৰ দূৰৈত অৱস্থিত। মোৰ আবেলি পৰত যাব লাগিব কিয়নো গাঁৱৰ পৰা সন্ধিয়া গৌৰীপুৰ লৈ গাড়ী পোৱা নাযায়।

ফোন কৰোতা - ঠিক আছে অলপ আগতীয়াকৈ আহিবা। মোৰ ঘৰত জিৰণি ল'বা। তাৰ পৰাই আমি একেলগে যাম।

মই - ঠিক আছে।

৯ তাৰিখত মই আবেলি তেওঁক ফোন কৰি যোৱাৰ কথা ক'লো। তেওঁ মোক যাবলৈ ক'লে। ইমানতে সকলো ঠিকে আছিল। কিন্তু গৌৰীপুৰ গৈ ফোন কৰিলে তেওঁৰ কথা বতৰা অলপ পৰিৱৰ্তন হোৱা লক্ষ্য কৰিলোঁ। তথাপিও মহামায়া গৈ ফোন কৰিলে তেওঁ হেনো খৰাঘাট গৈছে আন দুজন বন্ধুৰ ঘৰত। মোক তাত আহিবলৈ ক'লে। মই পুনৰ খোৰাঘাট লৈ আহিলো।

    ফোন কৰিলো। নাই নধৰে। আকৌ ফোন কৰিলো কাটি দিলে। কিছু সময় পিছত ফোন কৰি কয় যে যদি গাড়ী পোৱা তেনেহলে তুমি যাব পাৰা। আমাৰ অলপ দেৰি হ'ব। মই ক'লো ঠিক আছে মই বাটত অপেক্ষা কৰি আছো। আপোনালোকে ৰেডি হৈ আহঁক।
এক ঘণ্টা পাৰ হ'ল কোনো খবৰ নাই। দুই ঘণ্টা হ'ল নাই। ফোন কৰিলোঁ কাটি দিয়ে। নিশা তেতিয়া ৭:৩০ বাজে। প্ৰচণ্ড ঠাণ্ডা। ৰিৱ ৰিৱ কৈ বতাহ বলিছে। ঠাই খনো চিনাকি নহয়। দুই ঘণ্টা পিছত ফোন দি কয় তুমি এতিয়ালৈকে যোৱাই নাই! মই ক'লো গাড়ী পোৱাই নাই। পালে যাম। সেইফালৰ পৰা কোনোবাই কৈ আছে তেওঁক কিয় আহিব কৈছা? আৰু কিবা কিবি কৈ থাকোতেই সি ফোন কাটি দিলে। মোৰ আৰু বুজিবলৈ বাকী নাথাকিল যে............

    মই আৰু আধা ঘণ্টা গাড়ীৰ বাবে অপেক্ষা কৰিলো নাই নাপালো। দুই এটা আহে কিন্তু নাৰাখে। থিয় দি থাকি মই বাগৰি পৰিলো। নিৰ্জন ঠাই, অকলশৰীয়া তাৰপৰি অচিনাকি ঠাই। বাধ্য হৈ তাৰ পৰা খোজ কাঢ়ি নয়া হাট বজাৰলৈ গ'লো।

    তাৰ পৰা ৰাতি ৯ বজাত গাড়ীত উঠিলো। ৰাতিপুৱা নিজৰ গন্তব্য স্থান পালোঁ।

মই নিজে কৈছোঁ যে মোৰ মোবাইলত চাৰ্জ কম আছে চাৰ্জ কৰিব লাগিব। তেওঁ মোক যাবলৈ কৈ মোৰ লগত এনেকুৱা কৰিলে কিয় নাজানো।

   মই সিহঁতৰ পৰা খাদ্য বিচৰা নাই, থাকিবলৈ বিচৰা নাই , বিচাৰিছিলোঁ অকণমান সহানুভূতি। কিন্তু সেইখিনিও নাপালো।

মই বহুতো কষ্ট পাইছিলোঁ। এক প্ৰকাৰ মোক অপমান কৰিলে। মোৰ একোৱে প্ৰয়োজন নাছিল।
সেইখিনি সময়ত মোৰ অকণমান সহানুভূতিৰহে প্ৰয়োজন আছিল।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)