এটি কবিতা
যাৰ সুৰ তেজৰ উষ্ম অনুভৱ
যাৰ গতি নিৰিবিলি নদীৰ সুঁতি
ধীৰে ধীৰে হেৰাই যোৱা
কোনোবা অজান অনুভূতিত...
নিবিড়ে আহি নিশিগন্ধা তুমি
মোৰ বুকুৰ মাজত শুই পৰিবা
জোন জ্বলা ৰাতিৰ ধৰণীত
হয়তো তোমাৰ-মোৰ কবিতাই
গীত হৈ বাজিব...
কাহানিও শেষ নোহোৱা অনুৰণন ...
লিখিব খোজোঁ
এটি কবিতা
যত মোৰ হৃদয়ৰ সমস্ত আবেগ অনুভূতি নিবিড়
যত বিদ্বেষ মনোভাৱ বিন্দুমাত্ৰাও নাই
প্ৰেম তাৰ বাবে প্ৰেৰণা
শূণ্যতাক খেদি অনুভূতি জগাই তোলা তাৰ ৰুচি...
সচায় লিখিব খোজোঁ কবিতা
যত মানুহে নিজক বিচাৰি পায়
মানুহে মানুহৰ অনুভূতি বুজি পায়...
আজিও তথাপি মই বিফলতাৰে
আৰম্ভ কৰিছোঁ...
হৃদয় যেতিয়া মৌন হৈ ৰয়
মই একো কৰিব নোৱাৰা হওঁ...
শৱদ... হেৰাই নিৰৱতাত
তোমাৰ অসহাঁৰিত ...।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ