কেনে আছা-পিংকি শৰ্মা

©Admin
0
কেনে আছা তুমি?
সুধিব মন যায় কিন্তু,
ক্ষোভ আক্ষেপবোৰে আৱৰি ধৰে।
এনে কি কাৰণত তুমি
মোৰ পৰা নীৰৱে আঁতৰি গ'লা
একো নজনোৱাকৈ ?
তুমি যে ভিতৰি ভিতৰি পৰিৱৰ্তন‌ হ'লা
মই ধৰিবকে নোৱাৰিলোঁ। 
কেতিয়া যে আকৌ প্ৰেমত পৰিলা
মই গমেই নাপালোঁ।
ইমান মোহাচ্ছন্ন হৈ পৰিল যে
আমাৰ মাজত গঢ়ি উঠা সম্পৰ্ক যতি পৰিল।
সিদিনা তোমাৰ লগত চিনাকি হোৱা যেন হে লাগে।
তেতিয়াও মই বুজি পোৱা নাছিলোঁ,
তোমাৰ সৈতে মোৰ প্ৰেম;
বন্ধুত্ব নে এইয়া আন কিবা;
আৰু এতিয়া ও বুজিব পৰা নাই
যত বিশ্বাসৰ ভেঁটি ডালেই
ছিগো ছিগো অৱস্থা।






Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)