জীৱনত এক বাস্তৱতাৰ সতে মুখামুখি হোৱা অভিজ্ঞতাৰে এটি চমু লিখনি- জ্যোতিষ্ক বৰুৱা

©Admin
0
আজিৰ পৰা কিছুবছৰ আগৰ কথা ভাৰতীয় ৰেল বিভাগৰ ডিব্ৰুগড়ৰ বাণীপুৰত থকা ৰেলৱে জংচনৰ পৰা ৰেল বিভাগৰ নিৱিদা সূত্ৰে পোৱা 'পিযুষ ট্ৰেডাচ' নামৰ কোম্পানী এটাত ৰেল বিভাগৰ শীত-তাপ নিয়ন্ত্ৰিত কোঠাত চাফাই কৰ্মী হিচাপে, কেতিয়াৱা লেপ কম্বল,বেড কভাৰ দিয়া কামত নিয়োজিত আছিলো ৷ কেতিয়াবা কৰ্তব্যৰ দায়িত্বত কন্যাকুমাৰী,হাওড়া,অমৃতসৰ ,চণ্ডিগড়,
কলিকতা আদি ঠাই যাব লগা হৈছিল ৷
ৰেলৰ শীত-তাপ নিয়ন্ত্ৰিত কোঠাবোৰত যাত্ৰী সকলৰ বাবে কেতিয়াৱা সেৱাত নিয়োজিত হৈ থকাৰ সময়ত যেতিয়া কোনোবা প্লেট ফৰ্মত ট্ৰেইনখন ৰৈ যায় সেই সময়ত কিছুমান সৰু সৰু ল'ৰা,বৃদ্ধ,শাৰীৰিক ভাৱে সক্ষম হোৱা ব্যক্তি যাত্ৰী সকলে খোৱা খাদ্যৰ অৱশিষ্ট বিচাৰি ঘুটমূটিয়াই ফুৰা প্ৰায়েই দেখিছিলো ৷ এনে লোকসকলক বহু দৰদী ব্যক্তিয়ে দুই এটকা দিয়াৰ লগতে কিছু খাদ্য দিয়াও প্ৰায়েই দেখোঁ ৷ আকৌ কোনোবাই এনে ব্যক্তি সকলক চোৰ বুলি সন্দেহত মাৰ পিট কৰা বা খেদি দিয়াও দেখোঁ ৷
এবাৰ নিউ জলপাইগুৰি জংচনত ট্ৰেইন খন কিছু সময় ৰৈছিল ৷ এটা দহবছৰীয়া সৰু ল'ৰা ৰেলৰ কোঠাটোলৈ সোমাই আহিছিল আৰু খোৱা অৱশিষ্ট খাদ্যৰ সন্ধানত ইফাল সিফাল চকু ফুৰাই এচুকত পৰি থকা মানুহে খাই পেলাই দিয়া বিৰিয়ানি অৱশিষ্ট খিনি বুটলি ৰেলৰ পৰা নামি গৈ প্লেটফৰ্মৰ কিছুদূৰত দুই তিনিজনীয়া সৰু সৰু ল'ৰাৰ জুমটোত সোমাই পৰিল ৷ কণ কণ ল'ৰা কেইটাই সেই এৰেহা বিৰিয়ানিখিনি আনন্দ মনেৰে আত্মতৃপ্তিৰে খোৱা দেখি কিছু ভালো লাগিল ৷ অন্তৰত কিছু দুখো লাগিল ৷ বিৰিয়ানিৰ মাজত আনে চোৱাই এৰি দিয়া এডাল মাংসৰ হাড় ইটোৱে এবাৰ সিটোৱে এবাৰ চুপি সোৱাদ লোৱা আনন্দতাত মছগুল হোৱা দেখি মনটো কিছু সেমেকি গৈছিল ৷ লৰালৰিকৈ ট্ৰেইনৰ ভিতৰলৈ গৈছিলো ,দুপৰীয়া আহাৰ গ্ৰহণৰ বাবে ৰাখি থোৱা ঘৰৰ পৰা মানুহ জনীয়ে দি পঠোৱা টিফিন বক্সটো হাতত লৈ সিঁহতৰ কাষলৈ গৈ সিহঁতৰ থালী খনত মূৰ্গীৰ মাংসৰ স'তে ভাত খিনি ঢালি দিছিলো ৷ নিজৰ পকেটত হাত ফুৰাই টকা পঞ্চাশটা দহ বছৰীয়া ল'ৰাটোৰ হাতত গুজি পৰম তৃপ্ততাৰ আনন্দ লভিছিলো ৷ হঠাৎ ট্ৰেইনখন চলিবলৈ ইংগিত দিছিল, মইয়ো ট্ৰেইনত উঠি দৰ্জাৰ সন্মূখত থিয় দিছিলো ৷ ট্ৰেইন চলিব ধৰিছিল, ল'ৰা কেইটাই ট্ৰেইনৰ লগত সমানে দৌৰি দৌৰি হাত জোকাৰি জোকাৰি মুখেৰে কিবা কিবি কৈ আনন্দত মোৰ হাতখন এবাৰ চুই চাইছিল ৷ সিঁহতৰ ভাষা বুজা নাছিলো কিন্তু কৃতজ্ঞতাৰ সুৰত যেন কিৱা কৈছিল বুজি পাইছিলো ৷ ক্ৰমাত ট্ৰেইনৰ গতিবেগ বাঢ়িছিল ট্ৰেইনৰ সমানে সিহঁতবোৰ দৌৰিব নোৱাৰিছিল কালক্ৰমত আৰু সিহঁতকেইটাক নেদেখা হৈ পৰিছিলো ৷ মনত কিছু বিষাদ, আনন্দ লৈ মইয়ো ৰেলত কৰ্তৱ্যৰত অৱস্থাত চণ্ডিগড় অভিমূখে গতি কৰিলো ৷ মনত ভাৱ হৈছিল এইয়াই মানুহৰ জীৱন ৷ এমুঠি অন্ন,বস্ত্ৰ, বাসস্থানৰ হাঁহাকাৰত মায়াৰ পৃথিৱীত কোনে কেনেকৈ জীৱনটো অতিবাহিত কৰে বুজা জনে বুজে অনুভৱ কৰে ৷ কিছুমানৰ ধন সম্পত্তি থাকিও সুখী কেতিয়াৱা দুখী ৷ নাথাকিও কিছুমান এনেদৰেও সুখী কেতিয়াৱা এনেদৰে দুখতো সুখী ৷

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)