জীৱন বাট ভাৱৰীয়া -দিপশিখা ৰাজকোঁৱৰ

©Admin
0
জীৱনটো ভবাৰ দৰে সহজ নহয়
বৰ কঠিন জীৱনৰ প্ৰতিটো খলা বমা পথ পাৰ হ'বলৈ 
কেতিয়াবা হাবাথুৰি খাওঁ অ
আহিব লগীয়া দিনবোৰৰ কথা কল্পনা কৰি 
উজাগৰী নিশাও সাৰে থাকি
জীৱনৰ কথা ভাবি ভাবি
ভাগৰুৱা মন লৈ ভাগৰি পৰোঁ 
গোপনে ৰাখি থোৱা সপোনবোৰ
পূৰাব পাৰিম জানো? 
প্ৰশ্ন হয় ক্ষণে ক্ষণে জীৱনত ।
বহু আশা গুপুতে ৰাখিছোঁ
বহু সপোন মনতে সাচিছোঁ 
জীৱন বাটৰ ভাৱৰীয়া হ'ব নিবিচাৰোঁ
বিচাৰোঁ সফল যুজাঁৰু হ'বলৈ।

  

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)