মন পদুলিত ডেউকা মেলি,
ৰং বিৰঙৰ খেলা কৰা উলাহত;
কতবাৰ যে বাট চাওঁ
পুখুৰীৰ পাৰত নীৰৱে বহি
সময় কৰোঁ পাৰ মিলনৰ হেঁপাহত।
তোমাক ভালপোৱা কথাষাৰ
বন্ধুৰ আগত কৈ পঠিওৱাত
ভয়াতুৰ বুলি উপহাস নকৰিবা;
হৃদয় কোণত থকা মৰম
যতনাই ৰাখিছোঁ তোমাৰ বাবে
কেতিয়ানো সহাঁৰি দিবা?
তুমিও মোৰ দৰেই নেকি?
উথলি উঠা মৰমৰ ভাষাবোৰ,
কওঁ নকওঁ কৈ ৰাখিছা বহু দিনলৈ;
অকপটে হিয়া উজাৰি বিচাৰোঁ ক'ব
দিবা জানো সহাঁৰি আমাৰ প্ৰেমক?
অবিৰাম ভাৱে অনন্ত কাললৈ।
সৌ সিদিনাখন কাৰ লগত
ফুৰিছিলা ঘূৰি গ্ৰন্থ মেলাৰ বিপনীৰ দোকানে দোকানে
সেইদিনা আকাশখন খহিছিল মোৰ বাবে;
কিন্তু সি জানো আপোন হিয়াৰ?
মোতকৈ অধিক আৰু হ'বই নোৱাৰে
তুমি প্ৰিয়তমা কেৱল মোৰ বাবে।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ