মৰম কৰি নহওঁ মই ক্লান্ত,
জীৱন বাটত হাতে হাত ধৰি
প্ৰেমৰ বাগিচাত বহি,
সাজিম মিলনৰ দূৰ্গ।
প্ৰেমৰ দোকান খুলি
ফুলৰ মেলা পাতি,
তোমাক কৰিম
জীৱন বাটৰ লগৰী।
দীঘল চুলিটাৰী
মাজেৰে ফাঁক কৰি,
সেন্দুৰ পিন্ধাম তোমাৰ
উকা কপালত।
দুচকুত চকু ৰাখি
প্ৰেমৰ কবিতা ৰচি,
ছাটোৰ দৰে থিয় দি ৰ'ম
তোমাৰ যৌৱনত।
মৰমৰ পথাৰখনিত
প্ৰেমৰ কঠীয়া সিঁচি,
জিলিকাম জীৱনৰ
বহল পৃষ্ঠাখন।
গুলপীয়া তোমাৰ দুগালত
মিলনৰ চুমা আঁকি,
মৰম নৈবদ্যৰে পূজিম তোমাক
হৃদয় মন্দিৰত।
এধাৰি মালা পিন্ধাই
জীৱন লগৰী কৰি,
প্ৰেমৰ পোহৰেৰে
গঢ়িম এখনি সুখৰ সংসাৰ।
য'ত থাকিব আশা
থাকিব ভৰশা,
ওমলি থাকিব প্ৰেমৰ
এহালি শালিকা।
মানস জান শইকীয়া
ৰঙামাটি চেউনী গাঁও
বাদুলিপাৰ ,গোলাঘাট
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ