নজীৰ-বসন্ত ওজা

©Admin
0

  ২০১১ চনৰ পৰা
নিৰবিছিন্ন ভাৱে
 লিখি আছো
    কেতিয়াবা কবিতা
    কেতিয়াবা গীতৰ লয় ।
বিশ্বনাথৰ পৰা
যোৰহাট শোণিতপুৰ জিলাত
    গীতিকবি বুলি মোক 
      জনগণে দিলে পৰিচয় ।।
২০১৯ চনৰ
জুন মাহৰ চতুৰ্থ দিনত
   "বিশ্বৰত্ন ভূপেনদা" লিখি ।
যোৰহাট চহৰৰ কাচ গঁড়ালৰ
পুথিভঁড়ালত চমজালো
     জনতা আজিও
          হৈ আছে সাক্ষী ।।
২০২২ চনৰ
২৫ তম বৰিষত
    গামখাৰু বিহুৰ
      শীৰ্ষগীত লিখি ।
ভাগৱতী বিবলিৰ
অমিয়া সুৰ কণ্ঠেৰে
    দিলো মই ঘৃতমধু যাঁচি ।।
সেই একে বৰিষতে
লিখিলো অতি হেঁপাহেৰে
    প্ৰসিদ্ধ বিশ্বনাথৰ গীত ।
সদৌ অসম কবিচক্ৰ
বিশ্বনাথ জিলা শাখাই
    সমাজত কৰালে পৰিচিত ।।
২০২৩ চনৰ
চতুৰ্দশ দিৱসত
  বিশ্বনাথৰ খঁৰাশিমলু গাঁৱত ।
মোৰ "নাগিনী গাভৰু"
বিহুগীত উন্মোচন কৰি
     সন্মান যাঁচি দিলে
       এই অধমক ।।
২৩ এপ্ৰিল ২০২৩
ৰবিবাৰে বিয়লি
  যাত্ৰা কৰিলো বানৰ নগৰলৈ ।
স্নেহৰ ডেউকা কোবাই
উপস্থিত হ'লোগৈ মঞ্চত
     বিশ্বনাথৰ প্ৰহৰী হৈ ।।
জাতি মাটিৰ শিল্পী
বিপিন চাউদাঙ ডাঙৰীয়াই
      জনসমাজত বন্ধু বুলি
        জনালে সন্মান ।
গৌৰাম্বিত হৈ মই
জনতাক শুনালো
     বিশ্বনাথৰ জয়গান ।।
__________________________
    বসন্ত ওজা । ২৯/০৫/২০২৩
__________________________

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)