সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ

©Admin
0
১ /অসমৰ একমাত্ৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটোৰ নাম কি?

উত্তৰ:- অসমৰ একমাত্ৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটোৰ নাম হৈছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃজাতিক বিমান বন্দৰ।

২/অসমৰ আটাইতকৈ ওখ ঠাইত অৱস্থিত ৰে’ল ষ্টেচনটো নাম কি?

উত্তৰ:- অসমৰ আটাইতকৈ ওখ ঠাইত অৱস্থিত ৰে’ল ষ্টেচনটো নাম হৈছে উত্তৰ কাছাৰ পাৰ্বত্য অঞ্চলৰ জাতিংগা।

৩/ অসমীয়া সংস্কৃতিলৈ বিশিষ্ট অৱদান আগবঢ়োৱাৰ বাবে কি বঁটা প্ৰদান কৰা হয়?

উত্তৰ:- অসমীয়া সংস্কৃতিলৈ বিশিষ্ট অৱদান আগবঢ়োৱাৰ বাবে বিষ্ণুৰাভা বঁটা প্ৰদান কৰা হয়।

৪/কিমান বছৰ বয়সৰ অধিক ব্যক্তিলৈ শ্ৰীমন্ত শংকৰদেৱ বঁটা আগবঢ়োৱা হয়?

উত্তৰ:- ৫০ বছৰ বয়সৰ অধিক ব্যক্তিলৈ শ্ৰীমন্ত শংকৰদেৱ বঁটা আগবঢ়োৱা হয়।

৫/সাহিত্য অকাডেমী বঁটা লাভ কৰা প্ৰথম গৰাকী ব্যক্তি কোন আছিল?

উত্তৰ:- সাহিত্য অকাডেমী বঁটা লাভ কৰা প্ৰথম গৰাকী ব্যক্তি যতীন্দ্ৰনাথ দুৱৰা আছিল।

৬/ মামণি ৰয়চম গোস্বামীৰ জন্ম কেতিয়া হৈছিল?

উত্তৰ:- মামণি ৰয়চম গোস্বামীৰ জন্ম ১৯৪২ চনৰ ১৪ নৱেম্বৰত হৈছিল।

৭/জ্ঞানপীঠ বঁটা বিজয়ী অসমৰ দ্বিতীয় গৰাকী ব্যক্তি কোন আছিল?

উত্তৰ:- জ্ঞানপীঠ বঁটা বিজয়ী অসমৰ দ্বিতীয় গৰাকী ব্যক্তি মামণি ৰয়চম গোস্বামী আছিল।

৮/ অসমৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী কোন আছিল?

উত্তৰ:- অসমৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈ আছিল।

৯/ ১৯৯৯ চনত মৰণোত্তৰ ভাৱে ভাৰতৰত্ন বঁটা লাভ কৰা মুখ্যমন্ত্ৰী গৰাকীৰ নাম কি?

উত্তৰ:- ১৯৯৯ চনত মৰণোত্তৰ ভাৱে ভাৰতৰত্ন বঁটা লাভ কৰা মুখ্যমন্ত্ৰী গৰাকীৰ নাম লোকপ্ৰিয় গোপীনাথ বৰদলৈ আছিল।

১০/ ‘মৃত্যুঞ্জয়’ উপন্যাসখনৰ লেখক কোন?

উত্তৰ:- ‘মৃত্যুঞ্জয়’ উপন্যাসখনৰ লেখক ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। এজন প্ৰখ্যাত লেখকৰ এখন উপন্যাস হ’ল ‘মৃত্যুঞ্জয়’।


সংগ্ৰাহক :দীপ্তি কুমাৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)