এজাক বৰষুণ-পৰিস্মিতা দত্ত

©Admin
0
আকাশৰ মিচিকিয়া হাঁহিত বিজুলী চমকে
সেউজীয়া ধৰণী সজাই মেঘৰ বাদল বাজে,
নামি আহে তেতিয়াই ধাৰাষাৰে প্ৰেমৰ টোপাল
মেঘৰ ঢল বোৱাই প্ৰকৃতিয়ে স্বস্তিৰ উশাহ পায়
মনবোৰো আমাৰ ৰোমাঞ্চিত কৰায় 
বৰষুণৰ টোপালত মাটিৰ সুগন্ধ ওলায়
ভাহি আহে তেতিয়াই অতীতৰ ন - পুৰণি স্মৃতি।
বৰষুণ জাকে কঢ়িয়াই আনে
 আশাৰ ৰঙীন বতৰা,
প্ৰকৃতিয়ে প্ৰাণ পাই উঠে
যান্ত্ৰিক অস্থিৰতাৰ পৰা ।
প্ৰকৃতিৰ দৰে মোৰো মন যায় বৰষুণত তিতাবৰ
বৰষুণজাকে যেন গুচাই নিব 
মলিন হৃদয়ৰ অব্যক্ত বেদনা,
যান্ত্ৰণাকাতৰ জীৱনটোক দি যাব যেন 
হেঁপাহৰ এক ৰেঙণি ।
আকাশৰ পৰা ধৰাৰ বুকুলৈ নামি অহাৰ পৰতো
বৰষুণে পাই সুকীয়া উপমা ,
কেতিয়াবা যদি কবিৰ কাপৰ পৰা 
কবিতা হৈ নিগৰিছে..
কেতিয়াবা আকৌ গায়কৰ কণ্ঠত
সুৰ হৈ সাজিছে।
বৰষুণে ৰিমঝিম শব্দৰে তুলে সুৰৰ মূৰ্চনা
আঁতৰি যাই মনৰ যান্ত্ৰণা।
কাৰোবাৰ বাবে বৰষুণ কাগজৰ নাও সাজি
পানীত উটুৱাই কৰা
শৈশৱৰ ধেমালিৰ মিঠা সুৱৰণী,
কাৰোবাৰ বাবে সম্ভাৱনাৰ সেউজী সপোন
কাৰোবাৰ বাবে বিষাদৰ গাঁথা
কাৰোবাৰ বাবে বিষাদৰ বিভীষিকা
কাৰোবাৰ বাবে বৰষুণ হৈ পৰে
মায়াবী নিশাৰ অভিসাৰিকা ।।


✍️পৰিস্মিতা দত্ত,শিৱসাগৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)