আজি অচিন প্ৰলেপ
বাহিৰত কত যে
আচহুৱা কোলাহল।
সপোন সাগৰৰ পাৰ
আজি অস্বচ্ছ,
দূৰ দূৰণিলৈ আৱৰা
নিয়ৰৰ প্ৰাচীৰ...
এতিয়া সময় ফুল ফুলাৰ
ফুলিব ধৰিছে কʼত,
ৰঙীন নয়নতৰা গোলাপ
ৰজনীগন্ধা আৰু অনেক।
সুগম দুৰ্গম পথৰ
অন্তহীন যাত্ৰাত
পাৰিজাত বুটলাৰ অনুভৱ
উফ! কি যে সুকীয়া।
✍️ফাৰুকুদ্দিন আহমেদ
কামৰূপ,অসম
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ