নাকান্দিবি ,নাহাৰিবি মোৰ বিদায় বেলাত
চকুহাল শুকানে ৰাখ, বুকুৰ দুৱাৰ জপাই ৰাখ
তুলসীৰ তলত চাকি জ্বলাই ৰাখ ।
বাটচ'ৰাত মোকেই মনত পেলাই নাকান্দিবি তই,
তোৰ বাবে সদায় আছো তোৰ আশে-পাশে মই ।
কিমান মোক আচলেৰে মেৰিয়াই ৰাখিবি তই?
সুৰুঙা পালে ওলাই যাম অসীমলে মই,
বেদনাৰে ভৰা তোৰ কলিজাক
ৰিঙিয়াই যাম মই বিদায় বেলাত;
চিঠি লিখিম আকাশৰ তৰাৰে
এৰি দিম তোৰ বুকুত বৰশী বাবলে।
ৰক্ত কণিকাৰ মাজে মাজে মোৰ হাঁহিটো বয় আছে ,
কিয় নিদিলি মোৰ হাঁহি মোৰ দুহাততে,
বাউলি আশাবোৰ আজিও
সাঁচি ৰাখিচ কিয় বাৰু?
ওলাই যাব দে বুকুৰ পৰা অশ্ৰু-অঞ্জলি,
তোৰেই মাটিত হাহিছিলো
তোৰেই মাটিত হেৰাই গ'লো
নাকান্দিবি ,নাহাৰিবি মোৰ বিদায় বেলাত।
✍️নয়নপ্ৰিঞ্চ ভৰালী
শুৱালকুছি
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ