কুলক্ষণী-সুস্মিতা দাস

©Admin
0
বিয়া হৈ অহা দুবছৰ নহওঁতে গিৰিয়েকৰ জীৱনটো শেষ কৰিলে। এতিয়া আকৌ কাৰ জীৱন ধ্বংস কৰে ঠিক নাই । তাইৰ দৰে বিধৱা, কুলক্ষণী এজনীৰ মুখ চাই শুভ কামত ওলাই যোৱাটোৱেই অমংগল।" সদায় একেটা কথাকে শুনি শুনি বিনীতাৰ অসহ্য লগা হৈ গৈছে। যোৱা দুবছৰ আগত বিনীতাৰ স্বামী যতীনৰ এটা পথ দুৰ্ঘটনাত মৃত্যু হয় আৰু এই দুৰ্ঘটনাৰ বাবে সকলোৱে বিনীতাকে দোষী সাব্যস্ত কৰিছে। পৰিয়ালৰ মানুহকে ধৰি ওচৰ- চুবুৰীয়া সকলোৱে বিনীতাক কুলক্ষণীৰ দৃষ্টিৰে চাব ধৰিছে । কেৱল মাথোঁ তাই এগৰাকী বিধৱা নাৰী হোৱাৰ বাবে।
               প্ৰায় ২৪ বছৰ পিছত বিনীতাৰ কন্যা নিশিতাই APSC পৰীক্ষাত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে । তাৰবাবে ওচৰ- চুবুৰীয়া সকলোৱে নিশিতাৰ খবৰ ল'বলৈ আহিছে আৰু মাক বিনীতাকো সকলোৱে প্ৰসংশাৰে উপচাই তুলিছে। কিন্তু, বিনীতাই আজিও ওচৰ- চুবুৰীয়াৰ আগত সেই ২৪ বছৰ আগৰ 'কুলক্ষণী' জনী হৈয়ে থাকিব বিচাৰে ।

   

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)