বিশ্ব ৰক্তদাতাৰ দিৱসত কিছু অনুভৱ-ডাঃ মুনীন্দ্ৰ মেধি

Sibani Baruah
0
প্ৰতি বছৰে ১৪ জুনত বিশ্ব ৰক্তদাতাৰ দিৱস পালন কৰি অহা হৈছে ২০০৫ চনৰ পৰা৷ নিৰাপদ ৰক্তৰ প্ৰয়োজনীয়তা সম্পৰ্কে সজাগতা সৃষ্টি আৰু ৰক্তদাতা সকলক ধন্যবাদ জনোৱাটো এই দিৱসৰ উদ্দেশ্য৷ এই দিনটোতে ব্লাড গ্ৰুপৰ আবিষ্কাৰক আৰু চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা বিজয়ী কাৰ্ল লেইষ্টেনাৰৰ জন্ম হৈছিল ৷
  বিভিন্ন ৰোগৰ চিকিৎসা আৰু অষ্ট্ৰোপচাৰ ,প্ৰসৱৰ সময়ত ৰক্ত দানৰ প্ৰয়োজন হয়--বহতো ৰোগীৰ জীৱন ৰক্ষাৰ বাবে৷ অৱশ্যে পৃথিৱীৰ ৭০ খন দেশেহে ইয়াৰ বাবে প্ৰয়োজন হোৱা ৰক্ত স্বেচ্ছামূলক ৰক্তদাতাৰ পৰা লাভ কৰে৷বাকী বোৰ দেশত পৰিয়ালৰ লোকৰ ওপৰত অথবা ৰক্তবিক্ৰেতাৰ ওপৰতো নিৰ্ভৰ কৰিবলগীয়া হয়৷
  ১৮ ৰ পৰা ৬৫ বছৰৰ ব্যক্তি সকলে ওচৰৰ ব্লাড বেঙ্কলৈ গৈ ৰক্ত দান কৰিব পাৰে ৷ অবশ্যে তাৰ বাবে কিছুমান স্বৰ্ত পূৰণ কৰিব লাগিব৷ যেনে--
তেওঁলোকৰ হিমোগ্লবিনৰ পৰিমাণ ১২.৫ ৰ ওপৰ হ'ব নাগিব ৷
  ওজন ৪৫ কেজিৰ বেছি হ'ব লাগিব  ৷
   মেলেৰিয়া,কেঞ্চাৰ,এইডচ ,মানসিক ৰোগ আদিত আক্ৰান্ত
 হব নালাগিব ৷
  ৰক্তদাতা সকলে টোপনি ক্ষতি কৰি আহিব নালাগে আৰু খালি পেটেৰে আহিব নালাগে ৷
  আমাৰ শৰীৰত ৫ লিটাৰ তেজ প্ৰবাহিত হৈ থাকে আৰু এক ইউনিট তেজত তাৰে মাত্ৰ ৩৫০ মিলিলিটাৰ গ্ৰহণ কৰা হয় যিয়ে আমাৰ শৰীৰৰ কোনো ক্ষতি নকৰে৷ অৱশ্যে গৰ্ভৱতী মাতৃসকলেও ৰক্তদান কৰিব নোৱাৰে ৷এজন সুষ্ঠ ব্যক্তিয়ে প্ৰতি তিনিমাহৰ মূৰে মূৰে ৰক্ত দান কৰিবপাৰে৷
  চিকিৎসা বিজ্ঞানী সকলে চিকিৎসাৰ ক্ষেত্ৰত ৰক্তৰ প্ৰয়োজনীয়তাৰ কথা ১৭ শতিকাতেই গম পাইছিল৷ ফ্ৰান্সত ২০০৫ চনৰো আগতেই স্বেচ্ছামূলক ৰক্তদানৰ আচনি আৰম্ভ কৰা হৈছিল ৷
   ৰক্তদান জীৱনদান৷ ইয়াতকৈ শ্ৰেষ্ঠ দান আন একোৱেই হ'ব নোৱাৰে৷ ৰক্ত একমাত্ৰ মানৱ শৰীৰতে পোৱা যায়,কৃত্ৰিমভাৱে ইয়াক তৈয়াৰ কৰিব নোৱাৰি৷ আপোনাৰ এক ইউনিট ৰক্তদানে তিনিজন ৰোগীৰ জীৱন বচাব পাৰে৷
  সকলো সক্ষম ব্যক্তিকে স্বেচ্ছাই ৰক্তদান কৰিবলৈ আগবাঢ়ি আহিবলৈ আহ্বান জনালোঁ৷

         ✍️ডা: মুনীন্দ্র মেধি।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)