বিষ্ণুপ্ৰসাদ ৰাভা সাম্যবাদী ভাবাদৰ্শ আৰু গণমুখিতা-কনমনি নাথ

Sibani Baruah
0
সাম্প্ৰতিক প্ৰেক্ষাপটত বিষ্ণুপ্ৰসাদ ৰাভাৰ আদৰ্শ প্ৰাসংগিকতা খুবেই প্ৰয়োজনীয়তা আছে বুলি অনুভৱ কৰো কিয়নো ৰাভা দেৱৰ সাম্যবাদী ভাবাদৰ্শ আৰু গণমুখিতাই অসমীয়া সাহিত্য, সংস্কৃতি জগতত উল্লেখনীয় অৱদান আগবঢ়াইছিল। মহান ব্যক্তি সকলৰ ভিতৰত অন্যতম এগৰাকী ব্যক্তি হ'ল, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই ১৯০৯ চনৰ ৩১ জানুৱাৰীত বেঙ্গল প্রেসিডেন্সি (এতিয়াৰ বাংলাদেশ) ঢাকাত জন্ম গ্ৰহণ কৰিছিল। তেওঁৰ পিতৃৰ নাম আছিল গোপাল চন্দ্ৰ মুছাহাৰী। ৰাভা সৰুৰে পৰা তীক্ষ্ণ বুদ্ধিমত্তা আছিল। যেতিয়া তেওঁৰ বয়স ১০ বছৰ আছিল তেতিয়াই ঢাকাত এখন "উদ্দু" নাটকত অভিনয় কৰি সকলোৰে হৃদয়স্পৰ্শী কৰি জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছিল। ৰাভাই প্ৰথম যিখন নাটক কৰিবলৈ সুযোগ পালে তেতিয়াৰ পৰাই অসমীয়া সাহিত্য, সংস্কৃতি ক্ষেত্ৰত  বিশেষ অৰিহণা আগবঢ়াইছিল। তেওঁ কবিতা, গল্প, প্ৰবন্ধ,উপন্যাস ৰচনা কৰাৰ উপৰিও সংগীত আৰু কলাৰ মাধ্যমেৰে অসমীয়া সমাজ ব্যৱস্থাত বিশেষ অৰিহণা যোগাইছিল। সকলোৰে মাজত ৰাভা দেৱে জনপ্ৰিয়তাৰ শীৰ্ষত আছিল। মানুহৰ মাজত গভীৰভাবে সোমাই সুখ- দুখৰ সমভাগী আছিল। যাক আমি কেতিয়াও পাহৰিব নোৱাৰা এক অধ্যায়। প্ৰতিটো কবিতা, গানৰ মাজেৰে সুন্দৰকৈ অসমীয়া সমাজ ব্যবস্থাৰ প্ৰতিচ্ছবি দাঙি ধৰিবলৈ চেষ্টা কৰিছিল। তেখেতৰ প্ৰতিটো লিখাটো প্ৰাকৃতিক পৰিৱেশৰ সুন্দৰ ছবি স্বতস্ফুতভাবে প্ৰতিফলিত হৈছিল। তেখেতৰ গানে মানুহৰ মন জয় কৰি তুলিছিল। তেখেতৰ কলমেৰে নিগৰিছিল,

“ বিলতে হালিছে ধুনীয়া পদুমী,
ফুলনিত ফুলিছে ফুল ”

ধুনীয়া এটি গীত, যি গীতত প্ৰকাশিত হৈছিল মিঠা প্ৰেমৰ অনুভূতি। যাক আমি কেতিয়াও পাহৰিব নোৱাৰো। মন-প্ৰাণ মোহিত কৰি তুলিব পৰা গান। গীতৰ শিশুসুলভ কথাই শিশু সকলক উৎসাহিত কৰাৰ লগতে সকলোৱে আপ্লুত হৈ পৰে।
ঠিক সেইদৰে ভাৰতীয় আন্দোলনৰ সময় চোৱাত বিষ্ণুপ্ৰসাদ ৰাভা দেৱে লিখা, কবিতা আৰু গীতৰ মাজেৰে যুৱক-যুৱতী সকলক প্ৰেৰণা আৰু সাহস দিয়াৰ উদ্দেশ্যে লিখি গৈছিল, বিপ্লৱী কণ্ঠৰ শক্তি,
চোকা অস্ত্ৰ স্বৰূপ।
তেওঁৰ কলমেৰে নিগৰিছিল,
“ আই মোৰ ভাৰতী জননী ”
এনেদৰে বিষ্ণুপ্ৰসাদ ৰাভাই অসমীয়া সমাজ, সংস্কৃতি, আৰু সংগীত জগতলৈ আগবঢ়োৱা অমূল্য অৱদানৰ বাবে তেওঁৰ সংগীত সমূহক “ৰাভা সংগীত” হিচাপে ঘোষণা কৰা হৈছিল।
বিষ্ণুপ্ৰসাদ ৰাভা অকল সাহিত্য, সংগীত জগতত সীমাবদ্ধ নাথাকি অভিনয় মাধ্যমেৰে চলচ্চিত্ৰ জগত খনটো বিশেষ অৰিহণা আগবঢ়াইছিল। প্ৰথম অসমীয়া কথাছবি ‘জয়মতী’ নিৰ্মাণত জ্যোতি প্ৰসাদ আগৰৱালাক বিভিন্ন ক্ষেত্ৰত সহায় কৰাৰ উপৰিও তেখেতে ‘জয়মতী’ বোলছবিৰ নৃত্য পৰিচালনা হিচাপে কাম কৰিছিল। বিষ্ণুপ্ৰসাদ ৰাভাৰ এনেধৰণৰ আগ্ৰহ আৰু ভিন্ন প্ৰতিভা প্ৰদৰ্শনত আপ্লুত হৈ তেখেতৰ সাংস্কৃতিক বৰঙনিলৈ সন্মান জনাই সেই সময়ৰ হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ‘ড০ সৰ্বপল্লী ৰাধাকৃষ্ণনে’ তেখেতক ১৯৩৯ চনত ‘কলাগুৰু’ উপাধি প্ৰদান কৰিছিল আৰু তেতিয়াৰ পৰাই বিষ্ণুপ্ৰসাদ ৰাভাক ‘কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা’ নামেৰে জনাজাত হৈছিল।
এই মহান ব্যক্তি গৰাকী ওপৰত উল্লেখিত কাৰ্য্য সমূহৰ উপৰি অসমীয়া সাহিত্যৰ জগত খনত ভিন্ন প্ৰৱন্ধ লিখি সাহিত্য ক্ষেত্ৰ খন উজলাই তুলিছিল। যি অৱদানে বৰ্তমান আমৰ সাহিত্য ভঁৰাল চহকী হৈ জিলিকি আছে। জীৱনৰ প্ৰায় শেষ মূহুৰ্তত অসমীয়া সাহিত্য, জগত খন অধিক চহকী কৰি মৃত্যুৰ পূৰ্বে এটা গান ৰচনা কৰি এনেকৈ গাইছিল,

" এয়ে মোৰ শেষ গান,
মোৰ জীৱন-নাটৰ শেষ ৰাগিনী, কল্যাণ খৰমান "

তেখেত ভগৱানৰ আন এক মানৱ ৰূপ ধাৰণ কৰি সমাজ ব্যবস্থাত তেওঁৰ সৃষ্টি সমূহ বিলাই দিছিল আৰু সেই সৃষ্টি সমূহ আমাৰ সমাজে পৰিচালনা কৰাৰ ক্ষেত্ৰত বিসংগতিয়ে আজিৰ সমাজ ব্যৱস্থাত নতুন নতুন ঘটনা বিৰাজ কৰি চৌদিে হাহাকাৰ লগাই আছে।
বিষ্ণুপ্ৰসাদ ৰভাদেৱে ১৯৬৯ চনৰ ২০ জুন তাৰিখে ৰাতি ২.২৫ বজাত তেজপুৰত মৃত্যুক আঁকোৱালি লয় আৰু তেতিয়াৰ পৰাই বিষ্ণুপ্ৰসাদ ৰাভা দেৱক সন্মান জনাই অসমত ২০ জুন তাৰিখে ৰাভা দিৱস হিচাপে পালন কৰি আহিছোঁ। তেখেত আমাৰ মাজত নাই যদিও ৰাভা দেৱৰ সৃষ্টি সমূহ আমি সততা আৰু শুদ্ধকৈ প্ৰয়োগৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা লৈ হলেও আমাৰ সমাজ ব্যৱস্থাত গীত,মাত,কবিতা সমুক অসমৰ চুকে কোনে ৰজন জনাই ইয়াৰ প্ৰভাৱ বিস্তাৰ কৰি ৰাভা দেৱৰ সৃষ্টি সমূহ আমাৰ সমাজত অমৰ কৰি ৰাখিব লাগিব।
             
✍️ কনমনি নাথ। 
    বি'ব্লক (বাক্সা)
                  

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)