অফিচৰ ফাইলৰ কামবোৰ সামৰি শান্তনুৱে ঘড়ীটোলৈ চালে ওৱা পাঁচটা বাজিবৰে হল দেখুন ৷ এটা এন•জি•অত কাম কৰে শান্তনুৱে ৷ সমাজৰ অনাথ শিশু,অসহায় দৰিদ্ৰ নিথৰুৱা বৃদ্ধ-বৃদ্ধা সকল চিনাক্ত কৰি সহায় কৰাৰ লগতে অনাথালয়ত নি পৰিচায্য কৰা দায়িত্ব তাৰ ৷
অফিচৰ পৰা কামবোৰ সামৰি ওলাবলৈ লওতে ইফালে সিফালে দেখিলে অফিচত কোনো নাই, একমাত্ৰ চকীদাৰ বাহাদুৰ ককাই অফিচত তলা বন্ধ কৰিবৰ বাবে ৰৈ আছে ৷
তাক অফিচতো বন্ধ তৰিব দি কোবাকুবি কৈ গাড়ীৰ চাবি পাত পকেটত হাত ফুৰাই গাড়ীৰ দৰ্জা খুলি গাডী় স্টাৰ্ট দি স্টায়াৰিং ধৰি গিয়েৰ লগালে ৷
অলপ দূৰ গৈ এটা ভৰি বিকল বৃদ্ধ মানুহৰ হাতৰ জোকাৰণিত ব্ৰেক মাৰিলে ৷ অহ মানুহজনে মোকেই মাতিছে দেখুন, কান্ধত ফটাচিটা কাপোৰৰ টোপোলাৰ বেগ ৷এখন হাতত কেইটামান খুচুৰা পইচাৰ এখন থালী ৷ মনতে ভাৱিলে সি নিশ্চয় ভিক্ষা মাগিৱৰ বাবে তাক ৰখালে গাড়ীখন ৷ গাডী়ৰ পৰা নামি সি মানিবেগৰ পৰা পঞ্চাশ টকীয়া নোট খন মানুহজনৰ হাতত গুজি দিৱ খুজোতেই মানুহজনে ক'লে, বেটা মোক অলপ আগবঢা়ই দিৱানে? বেটা শব্দৰ মাতত সৰুতেই ঘাট মাউৰা হোৱা শান্তনুৰ মনটো সেমেকি উঠিল ৷
শান্তনুৱে সুধিলে কত যাৱ? মানুহজনে কঁপা কঁপা মাতেৰে উত্তৰ দিলে বিবেকা ৰোড যাম ৷
সি মাত লগালে ময়ো সেইফালেই যাম ৷মানুহজনৰ বেগটো কান্ধৰ পৰা নমাই তাৰ গাড়ীত তুলি মানুহজনক হাতত ধৰি তাৰ নিজৰ গাড়ীত বহাই দিলে আৰু পেংডালো মানুহজনৰ হাতত গুজি দি পুনৰ গাড়ী স্টাৰ্ট দি গন্তব্য দিশে আগবাঢ়িল ৷
কিছু দূৰ যোৱাৰ পিচত বিবেকা ৰোড পালেহি তেনেতে মানুহজনে গাড়ীখন ৰখাবলৈ কলে ৷ গাড়ীৰ ষ্টাৰ্ট বন্ধ কৰি মানুহজনক নমাত সহায় কৰি দিয়াত গম পালে মানুহজনৰ গাত ভীষণ জ্বৰ ৷মাতবোৰো ভালদৰে ফুটা নাই ৷ মানুহজনলৈ তাৰ বেয়া লাগিল তাতে ভিক্ষাৰী মানুহ, হয়তো এসাজ খায় এসাজ নেখায় হয়তো এনেদৰে দিনবোৰ পাৰ কৰে বুলি ৷ মনতে চেপা অবুজ বেদনাৰে তাৰ হৃদয় খন ভৰি গল ৷ মনৰ বেদনাত আপুনা আপুনি মুখৰ পৰা ওলাই গল দেউতা, ইয়াৰ পৰা আপুনি কলৈ যাৱ?
তাৰ মাতত থৰক বৰককৈ মানুহজনে প্ৰকাণ্ড ঘৰৰ চাৰিও ফালে ৱাল থকা গেট এখনৰ পিনে আঙুলিয়ালে ৷
মানুহজনক সি দুহাতত ধৰি তালৈ নিয়াৰ যত্ন কৰিলে ৷ গেটৰ সন্মূখ পোৱাত যেনে তেনে মানুহজনে গেট খন খুলিবলৈ যত্ন কৰিলে ৷সিও গেট খন খুলিবৰ যত্ন কৰিলে ৷অৱশেষত গেট খন খুলিল আৰু মানুহজনে ভিতৰলৈ যাৱ যত্ন কৰিলে ৷ ইফালে চকু ফুৰাই থাকোতে মানুহজনে তাক মাত লগালে এই চৌহদৰ বিশাল অট্টালিকা সদৃশ ঘৰৰ কাষৰ একোঠালি সৰু ভগা জুপুৰিটোৱেই হেনু তেওঁৰ ঘৰ ৷ সি মানুহজনৰ হাতত ধৰি জুপুৰিৰ পিনে অগ্ৰসৰ হল ৷ অলপ দূৰ গৈ কেইটামান বিদেশী জাত কুকুৰে সিঁহত দুটাক ঘেৰি চাৰিওপিনে ভুকিবলৈ ধৰিলে ৷মানুহজনৰ এখন হাতৰ কান্ধৰ বাউসী তলত কেপেটিয়াই লোৱা পেং ডাল লৈ শান্তনুৱে কুকুৰ কেইটাক জোকাৰি খেদিৱলৈ যত্ন কৰিলে ৷
………………কোন ? কি লাগে, কাক বিচাৰিছে?
মাতত শান্তনুৱে পিচলৈ ঘূৰি চালে?
ওৱা এয়া দেখুন আমাৰ অফিচৰ এন•জি•অৰ পৰিচালক অৰ্ণৱ ছাৰ দেখুন ৷
বৃদ্ধ মানুহজনে মাত লগালে অ এইয়া মোৰ একমাত্ৰ পুত্ৰ অৰ্ণৱ ৷
তমি,জিমি,ৰকি আহ আহ বুলি অৰ্ণৱে কুকুৰ কেইটাক কিবা কোৱাত সিঁহতবোৰ আতৰিল ৷
শান্তনু এইফালে কত আহিছিলা? আঁহা মোৰ ঘৰৰ ভিতৰলৈকে বলা ৷ মোৰ ঘৰলৈ আহিছিলা যদি, অহাৰ আগত ফোন এটা কৰিব পাৰা ৷ অ' এইয়া মোৰ দেউতা ৷ ঘৰত ডাঙৰ মানুহ বিলাক আহি থাকে যে দেউতা নপঢ়া নুশুনা মানুহ অভিজাত্যতাৰ সুৰ, ভাষা একো নাজানে বাবে আমাৰ অসুবিধা হয় ৷ সেইবাবে তাতে সেই ঘৰটোত থাকে ৷অৰ্ণৱে এসোপামান কথা কৈ যোৱাৰ পিচত কলে বলা শান্তনু ভিতৰলৈকে যাওঁ ৷
শান্তনুৱে দুখ- বেদনা,খং-ৰাগ উত্তেজনাত দগ্ধ হৈ একো নাই হৈ অৰ্ণৱৰ ঘৰৰ গেটৰ বাহিৰ হৈ গাড়ীৰ চিটত বহি ভাৱিলে যি খন ঘৰত নিজৰ পিতৃৰ প্ৰতি দায়িত্ববোধ নাই,সমাজৰ শ্ৰেণী মিলাবলৈ গৈ পিতৃক নৰকত ৰাখিছে ৷চাৰি, পাঁচোটাকৈ কুকুৰ তাৰ দালান গৃহত পুহিবৰ ঠাই আছে, যতন লৱৰ সময় আছে ৷ ভাল কৰিলো নোসোমালো অৰ্ণৱ দত্তৰ ঘৰত ৷ পাপৰ দালান গৃহ সেইটো চাল্লা ৷ অনাথালয়খনৰ স্বত্বাধিকাৰী তথা পৰিচালক ৰাষ্ট্ৰীয় বটা পোৱা এইজনেই অৰ্ণৱ দত্ত নেকি যাক নেকি আমি সন্মান কৰোঁ ৷ ভাবি ভাবি শান্তনুৱে গাড়ীখন ষ্টাৰ্ট দি গতি কৰি জনসমুদ্ৰৰ মাজত সোমাই পৰিল ৷
✍🏾 জ্যোতিষ্ক বৰুৱা
নামৰূপ,অসম
মোৱাইল নং:-৯৩৬৫০০৮৩৪৩
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ