তোৰ সুখৰ আখলত
ভাত ৰন্ধাৰ দিন উকলিল
চাউলৰ মলখু চালিবলৈ সময় নাপাবি
ভয় নাখাবি
তোৰ বুকুৰ বিষটোৱেই
কৰ্কট ৰোগ হৈ চিনাকি দিলে
দুখৰ মজিয়াত
যন্ত্ৰণাবোৰ বোৱঁতী সুঁতি হৈ আহিল
দিন বাগৰিল
শৰীৰ শুকাবলৈ ধৰিলে
দুখত হিয়া ফাটিছিল
তথাপিও কন্দা নাছিলোঁ
খাদ্য নলীয়েদি আহাৰ যোৱা বন্ধ হ'ল
শুনিছিলোঁ
কৰ্কটৰোগ অতি ভয়ংকৰ
জীৱন যুঁজত
জয়ী হোৱা জন ভাগ্যৱান আছিল
এই সময়ত মৃত্যুদূত যমে উপহাস কৰে
অসহ্য যন্ত্ৰণাই ভীষণ আমনি দিয়ে
সময়ে অট্টহাস্য কৰে
আই !
চিকিৎসাত ৰোগ উপসম নহ'ল
তই সাত মাহ একো নোখোৱাকৈ
জীয়াই আছিলি
এই কথা আনৰ বাবে অবিশ্বাস হৈ ৰ'ব
সামান্য পানীৰ বাহিৰে পেটলৈ একো যোৱা নাছিল
জঠৰ কঙ্কালসাৰ শৰীৰটোৰ চকু দুটাই
পিৰিক পাৰাক কৰি
জীয়াই থকাৰ উমান দিছিলি
কি মৰ্ম্মান্তিক
অসহ্য বেদনাভৰা জীৱন সামৰি
এদিন পুৱা ভাগত
তোৰ প্ৰাণবায়ু স্তব্ধ হৈছিল
ইয়াকে মৃত্যু বুলি কয়
এইয়াই উশাহ লব নোৱাৰা
ভয়াবহতাৰ কৰুণ সমাপ্তি।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ