মুখা পিন্ধা ভদ্ৰ-মানস জান শইকীয়া

©Admin
0
সমাজ ব্যৱস্থাত শান্তিৰ বাতাৱৰণ  অশান্তি কৰি
মানুহৰ মাজত খুৱা কামোৰা সৃষ্টি কৰা ,
অভিনয় কৰা তুমিয়েই সমাজৰ
মুখা পিন্ধা ভদ্ৰ। 
জানাইছোন তুমি কোনটো ভুল
কোনটো শুদ্ধ আৰু সচাঁ,
তথাপি কিয়নো মিছাক সচাঁ কৰি
সমাজত বিলোৱা তুমি,
বিধে বিধে বিষাক্ত কালসৰ্প। 
সাধাৰণ জনতাৰ মগজত ভৰোৱা
জাতি ধৰ্মৰ কত ভেদাভেদ,
উচ্চ ৰূপত নিজক ৰাখি
নীচ জাতিক ঘৃণা কৰি;
কৰি দিছা সমাজখন অশান্ত। 
ওচৰ চুবুৰীয়াক ভাগ কৰি
ভায়ে ভায়ে কন্দল লগাই,
সিঁচিলা সমাজত অশান্তিৰ গুটি। 
ধনীক তুমি সহায় কৰি
দুখীয়াক বিপদত পেলাই,
কাঢ়িলা সমাজৰ একতাৰ জৰী। 
গুৰুৰ বাণীকো ওফৰাই তুমি
নিজে ৰচিচা বিষাক্ত বাণী,
যাৰ প্ৰভাৱত আজি সমাজ অন্ধকাৰ
কোনেও নুবুজে সত্য কি?
শুদ্ধ কি বা ভুল কি?
মাথো নিজকে উচ্চ জ্ঞান কৰি
আনক নীচ জ্ঞান কৰি,
সমাজত বিলাইছে অন্যায় ব্যভিচাৰ। 
                        

       মানস জান শইকীয়া
              ৰঙামাটি চেউনী গাঁও, বাদুলিপাৰ
                                  গোলাঘাট

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)