পৰিচয়-যুৱৰাজ বাচকোটা

©Admin
0
পৰিচয় মোৰ লুইতপৰীয়া ডেকা
বিপ্লৱী মই কোনো কালে নহয় একাবেকা
সূৰ্য উঠা দেশৰ বিশ্বনাথৰ বাসিন্দা
সবিশেষ মোৰ জানিব বিচাৰিলে
সাক্ষী আছে ব্ৰহ্মপুত্ৰক সুধিবা।
বিশ্বনাথৰ চাপৰিৰ পলসুৱা মাটিত 
জন্ম লভি ডাঙৰ দীঘল হোৱা মই
লুইত পৰীয়া ডেকা নহয় একাবেকা ।
অসমৰ মাটিৰ লগত মোৰ তেজৰ সম্বন্ধ
অসমৰ বায়ু ,পানীৰ সৈতে মোৰ প্ৰাণৰ
সম্বন্ধ
নদ-নদী, জান-জুৰি , পৰ্বত, পাহাৰ,
ভৈয়ামে ক'ব মোৰ ইতিবৃত্ত -----।
শংকৰ ,মাধৱৰ আদৰ্শ বুকুত ৰাখি
অসমীয়া ভাষা,সংস্কৃতিক হিয়াত ৰাখি
সকলোৰে লগত একতাৰে মিলিজুলি 
একে লগে জীয়াই থাকিব খোজোঁ
চিৰ জীৱন জীয়াই ৰাখিম চিৰসেউজ
অসমত 
শান্তি,মৈত্ৰিত্ব ,ভাতৃত্ব , একতা, মানৱতা।
এই দেশৰ মাটিৰ বাবে যদি কোনোবাই
আঙুলি টোৱালে
সহ্য নহয় মোৰ । কাৰণ
মই অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ গোৰ্খা।
**********************************
          
✍️যুৱৰাজ বাচকোটা
চতিয়া, বিশ্বনাথ, অসম।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)