অবুজ বেদনা -লক্ষীমা তেলী

©Admin
0
ৰিম্পী নামৰ এজনী ছোৱালী আছিল। সিহঁতৰ পৰিয়ালত আছিল মাক দেউতাক আৰু তাই ।ৰিম্পী দেউতাক এজন ৰিক্সাচালক। তাইৰ দেউতাকে এনেদৰে উপাৰ্জন কৰি যি টকা পাইছিল তাৰেই কোনোমতে ঘৰখন চলিছিল ।ৰিম্পী তেতিয়া দশম মান শ্ৰেণীৰ ছাত্ৰী আছিল। মাক দেউতাকৰ ইচ্ছা আছিল তাইক ভালদৰে পঢ়াই শুনাই এগৰাকী ভাল চিকিৎসক কৰাৰ কিন্তু এদিন দেউতাকে ৰিক্সা চলাই আহোতে হঠাতে এখন দূৰত্ববেগী ট্ৰাকে খুন্দা মৰাত দেউতাকৰ থিতাতে মৃত্যু হয়। দেউতাকৰ অকাল মৃত্যুত ৰিম্পীয়ে বৰ শোক পালে আৰু মাকো মানসিকভাৱে ভাগি পৰিছিল। ৰিম্পী শিক্ষান্ত পৰীক্ষালৈ দুমাহ বাকী আছিল। তাই পঢ়া টেবুলৰ ওচৰলৈ গৈ কিতাপখন মেলোতে হঠাৎ মাকৰ মাত শুনি দৌৰি গৈ দেখে মাক মাটিত ঢলি পৰি আছে । তাইৰ চিঞৰ শুনি ওচৰ -চুবুৰীয়া আহি মাকক বাটতে মৃ্ত্যু হয় ।তাই মোমায়েকৰ ঘৰতে থাকি পঢ়া -শুনা কৰিলে ।আজি শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব। ৰিম্পীয়ে ফলাফল চাবলৈ গৈ দেখিলে যে তাই প্ৰথম বিভাগত উৰ্ত্তীণ হৈছে ।তাইৰ দুচকুৱেদি দুধাৰী চকুলো বৈ আহিল। তাই ভাবিবলৈ ধৰিলে এতিয়া তাইৰ মাক,দেউতাক থকাহেঁতেন মাক-দেউতাক কিমান যে সুখী হ'লহেঁতেন। ভালদৰেই উৰ্ত্তীণ হোৱাৰ বাবে চৰকাৰৰ সহায় লৈ মেডিকেল পঢ়িলে আৰু এদিন ভাল চিকিৎসক ৰূপে পৰিগণিত হ'ল। 

✍️লক্ষীমা তেলী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)